চিমলাত এখন গাড়ীত বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ কঢ়িয়াই অনা যুৱকক গ্ৰেপ্তাৰ!

হিমাচলত আৰক্ষীৰ কঠোৰ পদক্ষেপৰ মাজতো অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায়

নেচনেল ডেস্ক :

হিমাচলত আৰক্ষীৰ কঠোৰ পদক্ষেপৰ মাজতো অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায়। শেহতিয়াকৈ ৰাজধানী চহৰ চিমলাত এখন গাড়ীত বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ কঢ়িয়াই অনা এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যুৱকজনৰ হাতৰ পৰা বহু পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ।

শনিবাৰে সন্ধিয়া জুব্বল থানাৰ অন্তৰ্গত সাবদাবজাৰত আৰক্ষীৰ দলে বাহনসমূহত নিয়মীয়া তালাচীৰ মাজতে HP 24 C-7561 নম্বৰৰ গাড়ীখনৰ পৰা নিষিদ্ধ নিটাডুজ নাইট্ৰাজেপামৰ ৩০০ টেবলেট উদ্ধাৰ কৰে।ধৃত যুৱকজন বিলাসপুৰৰ চাময়াৰা গাঁৱৰ বাসিন্দা সুশান্ত শৰ্মা (২৯) বুলি জানিব পৰা গৈছে। যুৱকজনৰ সৈতে গাড়ীখনত এগৰাকী যুৱতীও আছিল।

অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে জুব্বল থানাত এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.