বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল?

সুৰাৰ অনুজ্ঞাপত্ৰ নীতিত উৎকোচ সম্পৰ্কীয় তদন্ত সংক্ৰান্তত দেওবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIএ সোধা-পোছাৰ বাবে চমন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক

নেচনেল ডেস্ক:

বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল? সুৰাৰ অনুজ্ঞাপত্ৰ নীতিত উৎকোচ সম্পৰ্কীয় তদন্ত সংক্ৰান্তত দেওবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIএ সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। আজি দিনৰ ১১ বজাত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ আহ্বান জনোৱা হয় মুখ্যমন্ত্ৰী কেজৰিৱালক।

কেজৰিৱালক চমন জাৰিৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা দিল্লীৰ চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অধিক শক্তিশালী কৰা হয় নিৰাপত্তা ব্যৱস্থা। সহস্ৰাধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে বৃহৎ সংখ্যক লোকৰ সমাৱেশ ৰোধ কৰিবলৈ অঞ্চলটোত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

কেজৰিৱাল চৰকাৰৰ পদত্যাগী উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক যোৱা মাহত একেটা গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল। আম আদমি পাৰ্টিয়ে এই অভিযোগক কেজৰিৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি গৰিহণা দিছে।কেজৰিৱালৰ জেৰাৰ বিৰুদ্ধে দলৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাত আটক কৰা হয় বহু কৰ্মী তথা সমৰ্থকক । ৰাউজ এভিনিউত থকা আপৰ কাৰ্যালয়ৰ বাহিৰতো আজি পুৱাৰ পৰাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.