দেশত সংঘটিত হৈছে এক আজৱ কাণ্ড!

ক'ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি দুবছৰ পাছত জীৱন্তে উভতিল ঘৰলৈ

নেচনেল ডেস্ক :

দেশত সংঘটিত হৈছে এক আজৱ কাণ্ড । ক’ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি দুবছৰ পাছত জীৱন্তে উভতিল ঘৰলৈ । এই ঘটনাতো সংঘটিত হৈছে মধ্য প্ৰদেশত ।

মধ্য প্ৰদেশৰ এজন ব্যক্তি, যাক ক’ভিডৰ প্ৰথমটো ঢৌতে মৃত ঘোষণা কৰিছিল প্ৰশাসনে।আনকি পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰিবৰ বাবেও কোনো সুযোগ লাভ কৰা নাছিল । প্ৰশাসনেই সকলো ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালক জনাইছিল যে কমলেশ নামৰ মৃত ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন হৈ গৈছে ।

কিন্তু সেই ঘটনাৰ প্ৰায় দুবছৰ পাছত কমলেশ নামৰ ব্যক্তি গৰাকী জীৱন্তে ঘৰলৈ ঘূৰি অহাৰ ঘটনাই এতিয়া সকলোৰে মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কমলেশৰ দাবী অনুসৰি, তেওঁক অতদিনে আহমেদাবাদৰ এটা অপৰাধীৰ দলৰ সৈতে ৰখা হৈছিল । কেৱল সেয়াই নহয় বৰং বিগত দুবছৰে এদিনৰ মূৰে মূৰে নিচাসক্ত দ্ৰৱ্য তেওঁৰ শৰীৰত বেজিৰ সহায়েৰে ভৰাই দিয়া হৈছিল ৰহস্যজনক কাৰণত।।

You might also like
Leave A Reply

Your email address will not be published.