শুকুৰবাৰে ইজৰাইলে চিৰিয়াক লক্ষ্য কৰি সংঘটিত কৰে ভয়ংকৰ মিছাইল আক্ৰমণ। চিৰিয়াৰ ওপৰত কমেও আঠটা মিছাইল নিক্ষেপ কৰে ইজৰাইলী বিমানে। মধ্য চিৰিয়াৰ হামা গ্ৰাম্য অঞ্চলৰ মাচিয়াফ চহৰত সংঘটিত হয় এই বিধ্বংসী আক্ৰমণ। মিছাইল আক্ৰমণত পাঁচজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় সাতজন লোক। ইজৰাইজৰ মিছাইল আক্ৰমণত ধ্বংস হয় মাচিয়াফ অঞ্চলত ইৰানী সমৰ্থিত উগ্ৰপন্থীৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ।
ইফালে এই পৰ্যন্ত আক্ৰমণ সন্দৰ্ভত ইজৰাইলী সামৰিক বাহিনীৰ পৰা তাৎক্ষণিকভাৱে কোনো মন্তব্য আগবঢ়োৱা নাই । উল্লেখ্য যে, বছৰটোৰ আৰম্ভণিৰ পৰা চিৰিয়াৰ ভূখণ্ডত ইজৰাইলৰ এয়া দ্বাদশ আক্ৰমণ আছিল।