চীনৰ দক্ষিণ-পূব গুৱাংডং প্ৰদেশত ভয়ংকৰ ঘটনা!

কিণ্ডাৰগাৰ্টেনত কোনো দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত নিহত হয় তিনিটি শিশুসহ ৬ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

চীনৰ দক্ষিণ-পূব গুৱাংডং প্ৰদেশত ভয়ংকৰ ঘটনা।প্ৰদেশখনৰ লিয়ানজিয়াং চহৰৰ এখন কিণ্ডাৰগাৰ্টেনত কোনো দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত নিহত হয় তিনিটি শিশুসহ ৬ গৰাকী লোক। মৃত সকলৰ ভিতৰত এগৰাকী শিক্ষক আৰু দুগৰাকী অভিভাৱক আছিল। আনহাতে আক্ৰমণত গুৰুতৰভাৱে আহত হয় আন এগৰাকী লোক।

জানিব পৰা মতে, স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:৪০ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱু উপাধিৰ এজন ২৫ বছৰীয়া যুৱকক। ঘটনাটোৰ পিছতে অঞ্চলটো সাধাৰণ লোকৰ বাবে বন্ধ কৰি দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.