ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্বৰ্ধনা
নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত দেওবাৰে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি দক্ষৰাম বৰ্মনে। জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে উদ্দেশ্য বাখ্যা কৰা সভাখনত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপৰিও জিলাখনৰ নলবাৰী জিলা কৰ্মচাৰী পৰিষদ,নলবাৰী জিলা সাহিত্য সভা, নলবাৰী জিলা আৰু টাউন বিজেপি মণ্ডল, নলবাৰী ৰেড ক্ৰছ চ’ছাইটি, জিলা এ এন এম সন্থা,নলবাৰী পৌৰ সভা, কলেজ শিক্ষক সন্থা,সাংবাদিক সন্থা, হৰিমন্দিৰ সমিতি আদিকে ধৰি প্ৰায় ডেৰকুৰি দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনায় । সভাৰ সভাপতি দক্ষৰাম বৰ্মনে আদৰণি ভাষণ দিয়াৰ পিছতে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৰাজ্যপাল ৰমেন ডেকালৈ আদৰণি জনায় নিজৰ অনুভৱ ব্যক্ত কৰে । সভাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড° বীৰেন কুমাৰ চক্ৰৱৰ্ত্তী , নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী অতিথি হিচাপে উপস্থিত থাকে । সভাত ৰাজ্যপাল ৰমেন ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰে। সভাৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন কৰা হয়।
নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতা