ছুপাৰটেকৰ টুইন টাৱাৰক আজি ভাঙিবলৈ সাজু!

নেচনেল ডেস্ক:

নয়ডাস্থিত ছুপাৰটেকৰ টুইন টাৱাৰক আজি ভাঙিবলৈ সাজু প্ৰশাসন। নয়ডাৰ ছেক্টৰ ৯৩এৰ এমাৰ্লড ক’ৰ্ট প্ৰজেক্টত প্ৰায় ১০০ মিটাৰ ওখ স্কাইস্কেপাৰ ভাঙি পেলাবলৈ লাগিব মাত্ৰ ১৫ ছেকেণ্ডতকৈও কম সময়। উল্লেখ্য যে, ই ভাৰতৰ এতিয়ালৈকে ভাঙিবলগীয়া আটাইতকৈ ওখ কাঠামো হিচাপে পৰিগণিত হ’ব। বিয়লি ২.৩০ বজাত টুইন টাৱাৰ ভাঙি পেলোৱা হ’ব বুলি জানিব পৰা গৈছে।

৩৭০০ কিলোগ্ৰামতকৈ অধিক বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হ’ব টুইন টাৱাৰটো ধংস কৰিবলৈ। ছুপাৰটেকৰ টুইন টাৱাৰৰ সমীপৰ প্ৰায় ৫ হাজাৰ বাসিন্দাক ইতিমধ্যে স্থানান্তৰণৰ কাম সম্পূৰ্ণ হৈছে। আজি পুৱা প্ৰায় ৯ বজাত এমাৰ্লড ক’ৰ্ট আৰু এ টি এছ ভিলেজ ছ’চাইটিৰ বাসিন্দাসকলক খালী কৰাৰ কাম সম্পূৰ্ণ কৰা হয়।বাসিন্দাসকলৰ উপৰিও তেওঁলোকৰ বাহন আৰু পোহনীয়া জন্তুবোৰো বাহিৰলৈ লৈ যোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.