ছুপাৰী কিলাৰে হত্যা কৰিব নোৱৰা হ’লেও নাবাচিলেহেঁতেন ৰাজা ৰঘুবংশী!

ছুপাৰী কিলাৰে হত্যা কৰিব নোৱৰা হ’লেও নাবাচিলেহেঁতেন ৰাজা ৰঘুবংশী!

দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে সোনমে । ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত পত্নী সোনম ৰঘুবংশী। সোনমৰ লগতে ৰাজা হত্যাকাণ্ডত জড়িত আছিল আন ৪জন অভিযুক্ত। সোনমসহ ৪ অভিযুক্তক আৰক্ষীয়ে কৰা জেৰাত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। ৰাজা হত্যাকাণ্ডৰ প্ৰতিদিনেই উদ্ঘাটন হৈছে ন ন ক’লা অধ্যায়। যোৱা ১১ মে’ত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সোনম ৰঘুবংশী। হনীমুনৰ অচিলাৰে ২০ মে’ত শ্বিলঙলৈ বুলি আহিছিল সোনম আৰু ৰাজা। তাৰপিছত চুপাৰি কিলাৰৰ সৈতে লগ হৈ সোনম আৰু প্ৰেমিক ৰাজ কুছৱাহাই অতি কৌশলেৰে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। তাৰপিছত ২ জুনত ছোহৰাত উদ্ধাৰ হৈছিল ৰাজাৰ অৰ্ধগলিত মৃতদেহ। শেহতীয়াকৈ সোনমে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে আন এক বিস্ফোৰক তথ্য। চুপাৰি কিলাৰে হত্যা কৰিব নোৱৰা হ’লেও সোনমে হত্যা কৰিলেহেতেন স্বামী ৰাজা ৰঘুবংশীক। কিয়নো ৰাজাৰ হত্যাৰ বাবে সোনমৰ আছিল আন এক পৰিকল্পনা। কিন্তু কি আছিল সোনমৰ পৰিকল্পনা, সোনমে স্বীকাৰোক্তি দিছে যে চুপাৰি কিলাৰে হত্যা কৰিব নোৱৰা হ’লে সোনমে ছেলফি তোলাৰ ছলেৰে ৰাজা ৰঘুবংশীক পাহাৰৰ ওপৰৰ পৰা পেলাই হত্যা কৰিলেহেঁতেন। উল্লেখযোগ্য যে, মঙলবাৰে মাজনিশাই ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজাৰ পত্নী সোনম ৰঘুবংশীক লৈ শ্বিলঙত উপস্থিত হয় মেঘালয় আৰক্ষী। আনহাতে, ৰাজা হত্যাকাণ্ডৰ আন ৪ অভিযুক্ত- আকাশ, আনন্দ, বিশাল ঠাকুৰ আৰু ৰাজ কুছৱাহাক লৈ কিছু সময় পূৰ্বে শ্বিলঙত উপস্থিত হৈছে আৰক্ষী। প্ৰথমে শ্বিলঙত স্বাস্থ্য পৰীক্ষা কৰোৱা হ’য় ৪ অভিযুক্তৰ। তাৰপিছত আজি দুপৰীয়া ১২ বজাৰ ভিতৰত সোনমসহ ৪ অভিযুক্তক হাজিৰ কৰোৱা হ’য় আদালতত।

You might also like
Leave A Reply

Your email address will not be published.