জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষা লাঘৱ কৰাৰ কোনো প্ৰস্তাৱ গ্রহণ কৰা নাই চৰকাৰে

জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষা লাঘৱ কৰাৰ কোনো প্ৰস্তাৱ গ্রহণ কৰা নাই চৰকাৰে

 অসমৰ ভূমি অধিকাৰ সম্পৰ্কীয় আইনসমূহ পুনৰীক্ষণ আৰু আধুনিকীকৰণ প্ৰক্ৰিয়া চলি থকাৰ সন্দৰ্ভত অসম জাতীয় পৰিষদে(এ জে পি) ভূমি অধিকাৰৰ সকলো দিশক এটা বিধিত একত্ৰিত কৰি মন্তব্য প্ৰকাশ কৰা সংন্ক্ৰান্তত অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ হৈছে আৰু এই বিষয়ত,চৰকাৰে আগতীয়াকৈ স্পষ্ট কৰিব বিচাৰিছে যে জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষা লাঘৱ কৰাৰ কোনো প্ৰস্তাৱ গ্রহণ কৰা হোৱা নাই,বৰঞ্চ জনজাতীয় লোকৰ ভূমি অধিকাৰ সম্পৰ্কীয় আইনসমূহ পুনৰীক্ষণ আৰু আধুনিকীকৰণৰ প্ৰক্ৰিয়াহে চলি আছে। এই চলিত প্ৰক্ৰিয়াৰ লক্ষ্য হৈছে নিৰ্ণায়ক শ্ৰেণীক আইনগত বিধিৰ জৰিয়তে খিলঞ্জীয়া আৰু জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষা বৃদ্ধি কৰা।
এই সন্দৰ্ভত তলত উল্লেখ কৰা কথাকেইটা চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়েঃ

– অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত আয়োগে প্ৰদান কৰা পৰামৰ্শকে প্ৰস্তাৱিত সংশোধনীৰ ক্ষেত্রত অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু সক্ৰিয়ভাৱে কাৰ্যকৰী কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰাচীন ঔপনিৱেশিক যুগৰ আইনী বিধানসমূহ নতুন কৰা আৰু বৰ্তমানৰ বাস্তৱতাৰ সৈতে সংযুক্ত কৰা, লগতে কোনো লুক-ঢাক নকৰাকৈ সমতা স্থাপন কৰি খিলঞ্জীয়া আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ ভূমি অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা।
– ভূমি অধিকাৰ আয়োগে ভূমি আৰু ৰাজহ আইন আৰু নিয়মাৱলীৰ সংশোধনী, পুনৰীক্ষণ আদিৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰিব, তাৰ অধীনত গ্ৰহণ কৰা বিভিন্ন নিয়ম, ন্যায়িক ঘোষণাসমূহ বিবেচনা কৰিব, তদুপৰি ইয়াৰ লগত জড়িত বিষয়সমূহৰ বাবে পৰামৰ্শ, উপদেশ আগবঢ়াব।
– বৰ্তমানৰ ভূমি আৰু ৰাজহ সম্পৰ্কীয় বিধিসমূহ বিবেচনা কৰাৰ ক্ষেত্রত আয়োগে সামৰি লোৱা বিষয়সমূহ – ভূমি অধিকাৰ স্বীকৃতি, সাম্প্ৰদায়িক আৰু বনভূমি, নগৰীয়া ভূমি, ৰাজহুৱা ভূমি ব্যৱস্থাপনা আৰু ভূমি অধিগ্ৰহণ, ৰাজহুৱা ভূমি নিষ্পত্তি, ভূমিৰ ৰেকৰ্ড আৰু কেডাষ্ট্ৰাৰ, ভূমিৰ মূল্য নিৰ্ধাৰণ আৰু কৰ, ভূমি বিবাদ নিষ্পত্তি আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু নীতিৰ পৰ্যালোচনা।
– আয়োগে ভূমি অধিকাৰ প্ৰক্ৰিয়াৰ প্ৰতিষ্ঠানিক ক্ষমতা, ভৱিষ্যতৰ ভূমি শাসনৰ বিধি ৰূপায়ণৰ দিশ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাসমূহ পৰীক্ষা কৰিব আৰু উপযুক্ত পৰামৰ্শ আগবঢ়াব।
– উত্থাপিত মন্তব্যৰ বিপৰীতে চৰকাৰে পুনৰ ক’ব বিচাৰিছে যে, জনজাতীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা বিষয়টো ইতিমধ্যে আমাৰ মুখ্য অগ্ৰাধিকাৰ হৈয়েই আছে। আয়োগৰ পৰামৰ্শসমূহে বিশেষভাৱে এই প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিব:
-ট্ৰাইবেল বেল্ট এণ্ড ব্লকক ভূমিৰ বিচ্ছিন্নতাৰ পৰা ৰক্ষা কৰা।
-অবৈধ হস্তান্তৰ আৰু বেদখল ৰোধৰ ব্যৱস্থা শক্তিশালী কৰা।
-প্ৰথাগত অধিকাৰৰ লগত আপোচ নকৰাকৈ ভূমিৰ মিউটেচন আৰু উত্তৰাধিকাৰৰ পদ্ধতি উন্নত কৰা।
– চৰকাৰে জনসাধাৰণৰ মন্তব্য আওকাণ কৰিছে বুলি কোৱা কথাটো বাস্তৱিকতে ভুল। উচিত পদ্ধতি অনুসৰি, অংশীদাৰসকলৰ পৰা পৰামৰ্শ গ্রহণ কৰিবলৈ ৯ মে’ ২০২৫ তাৰিখে এখন ৰাজহুৱা জাননী জাৰি কৰা হৈছিল। তদুপৰি অধিক পৰামৰ্শৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি চৰকাৰে নাগৰিক, নাগৰিক সমাজ আৰু সম্প্ৰদায়ভিত্তিক সংস্থাসমূহৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ পৰামৰ্শৰ সময়সীমা বৃদ্ধি কৰাৰ কথাও সক্ৰিয়ভাৱে বিবেচনা কৰিছে।
– ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত থকা সুৰক্ষা নাশ কৰিবলৈ কোনো সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই।
– চৰকাৰে পুনৰ দৃঢ়তাৰে কয় যে বহল পৰ্যায়ৰ আলোচনাৰ জৰিয়তে খচৰা বিধেয়কখন চূড়ান্ত কৰা হ’ব। জনবিশ্বাস, প্ৰথাগত অধিকাৰ আৰু সামাজিক ন্যায়ৰ নীতিসমূহ ভূমি অধিকাৰৰ ক্ষেত্রত যিকোনো আইনগত সংস্কাৰৰ মূল উদ্দেশ্য হৈ থাকিব।
– অসম চৰকাৰে ৰাজনৈতিক দল, নাগৰিক সমাজৰ সংগঠন, শিক্ষাবিদ আৰু সমাজৰ প্ৰতিনিধিকে ধৰি সকলো লোকক এই সংস্কাৰ প্ৰক্ৰিয়াত গঠনমূলকভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লিখিত পৰামৰ্শ আৰু আপত্তি অতি সোনকালে ভূমি অধিকাৰ আয়োগক দাখিল কৰিব পাৰিব।

You might also like
Leave A Reply

Your email address will not be published.