জম্মু-কাশ্মীৰত নিহত দুটা দূৰ্ধৰ্ষ লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী!

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ এনকাউণ্টাৰ। প্ৰাপ্ত খৱৰ মতে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় কমেও দুটা দূৰ্ধৰ্ষ লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলা- বাৰুদসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে । উল্লেখ্য যে, দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ আম্শিপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে তাত এটা বেষ্টনী গঢ়ি তালাচী অভিযান আৰম্ভ কৰিছিল। ইফালে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি এতিয়াও অব্যাহত থকা বুলি সদৰি কৰে কাশ্মীৰ জোনৰ আৰক্ষী বিষয়াই।

You might also like
Leave A Reply

Your email address will not be published.