বিহাৰত ভয়ংকৰ ক্ৰুড বোমা বিস্ফোৰণ!

বিহাৰত ভয়ংকৰ ক্ৰুড বোমা বিস্ফোৰণ। বিহাৰৰ খাগৰীয়া চহৰত সংঘটিত এই বিস্ফোৰণত আহত হয় কমেও ১৪ জন লোক। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি মুঠ তিনিটা বোমা বিস্ফোৰণ সংঘটিত হৈছিল। অৱশ্যে ইয়াৰ দুটা বোমাৰ তীব্ৰতা কম আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে ২০-২৩ টা সৰু বোমাৰ এটা গোট মাটিত পৰি যোৱাৰ পিছত এই ডাঙৰ বিস্ফোৰণটো সংঘটিত হৈছিল বুলি সদৰি কৰে এজন প্ৰত্যক্ষদৰ্শীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.