জুবিনে কিয় বাৰে বাৰে এনে কৰে ?

‘মোক গামোচা নালাগে’, ‘গামোচা পিন্ধাওতে বহু সময় যায়’, ‘কাম-বন নথকা মানুহে এইবোৰ কৰে’, শিৱসাগৰ জিলাৰ জাঁজীৰ এখন বিহু সন্মিলনত তেওঁক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ সময়ত এই মন্তব্য কৰিছিল জুবিন গাৰ্গে। তাৰ পিছতে এগৰাকী কণমাণিয়ে জুবিনৰ ছবি এখন আঁকি আনি জুবিনক দিছিল। ছবিখন লোৱাৰ পিছত কণমাণিজনীয়ে জুবিনৰ সৈতে ছেলফি তুলিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। জুবিনে ফোনটো লৈ কণমাণিজনীৰ লগত ছেলফি লৈছিল। অৰ্থাৎ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাৰ প্ৰতি কোনো আৱেগ নাই জুবিনৰ। গামোচাৰ বাবে জুবিনৰ সময় নষ্ট হয়, কিন্তু ছেলফিৰ বাবে জুবিনৰ সময়েই সময়।

এনেদৰে জুবিনে এখনৰ পিছত আনখন ৰঙালী বিহু উৎসৱত অদ্ভুত তথা উদ্ভট মন্তব্য আগবঢ়াই আহিছে। জুবিনে হয়তো এটা কথা পাহৰি গৈছে যে তেওঁ যিসমূহ বিহু মঞ্চত অশোভনীয় আচৰণ আৰু কাণ্ড-কলাপ কৰি আহিছে, সেইসমূহ বিহু মঞ্চই আজিৰ জুবিনজনক সৃষ্টি কৰিছে। তেনেহ’লে কিয় খোৱা থালতে জুবিনে থু পেলাইছে? যদি গামোচাৰ প্ৰতিয়ে ইমান বিৰাগ তেনেহ’লে নিজকে অসমীয়া বুলি কৈ কিয় দম্ভালি মাৰে? অসমীয়াৰ স্বাভিমান বিদ্বেষী লোক এজন উঠি বিহুমঞ্চখন কিয় লেতেৰা কৰে? বিহু মঞ্চখন কেৱল জুবিনৰ টকা ঘটাৰ ঠাই নেকি?

দুদিনমান পূৰ্বে মাজুলীৰ বিহুমঞ্চতো অনুৰূপ উদ্ধতালি কৰিছিল জুবিনে। সত্ৰাধিকাৰসকলক ‘প্ৰভু ঈশ্বৰ’ বুলি মতাত তেওঁৰ আপত্তি। অশ্লীল শব্দ প্ৰয়োগ কৰি কৰিছিল আপত্তিজনক মন্তব্য। শ্ৰীকৃষ্ণও ভগৱান নহয়, মানুহহে বুলি কৈছিল জুবিনে।

এতিয়া কথাটো হ’ল ধৰ্ম আৰু বিশ্বাস বোলা বস্তুটো এনেধৰণৰ যে যিয়ে যাক যিধৰণে বিশ্বাস কৰে সেইধৰণেই কৰে। আমাৰ দেশত বিভিন্ন জাতি-ধৰ্মৰ লোক আছে। বিভিন্ন উপাস্য দেৱতা আছে। বিভিন্ন আধ্যাত্মিক গুৰু আছে। যিয়ে যাক যি ধৰণে গ্ৰহণ কৰে, সেইধৰণেই কৰে। তাত শ্ৰুতলিপি দিবলৈ জুবিন কোন? জুবিন এজন গায়ক। গান গাৱক, পইচা ঘটক। তাত আপত্তি কৰিবলগীয়া কাৰোৰে নাই। অইনৰ কথাত য’তে ত’তে হাত দি কিয় ফুৰে জুবিনে? জুবিনৰ কথামতে অসমীয়া চলিব নেকি?

জুবিনক ভালপোৱা ল’ৰা-ছোৱালীবিলাকে জুবিনৰ এনে আচৰণ ভালপায়। হয়তো উদণ্ড প্ৰকৃতিৰ এচামে নিজকে জুবিনৰ মাজত বিচাৰি পায়। সেইবাবেই হয়তো তেনে বহুতে ভালো পায়। কোনোবাই জুবিনক ভাল পায়, আমি ভাৱো তাত বেলেগৰ আপত্তি কৰিবলগীয়াও নাই। সেইবুলি জুবিনে যদি নিজকে সৰ্বেসৰ্ব্বা বুলি ভাৱে সেয়া তেওঁৰ ভ্ৰান্ত ধাৰণাৰ বাদে আন একো নহয়।
অন্য এটা কথা জুবিনে মনকৰিবলগীয়া যে তেওঁ কৃষক নহয় যে তেওঁ উৎপাদন কৰা ধানৰ ভাত খাব নোৱাৰিলে কোনো লোকৰ সমস্যা হ’ব। জুবিন চিকিৎসক নহয়, যে তেওঁ চিকিৎসা নকৰিলে কোনো লোকৰ প্ৰাণ যাব। জুবিন শিক্ষক নহয়, যে তেওঁ পাঠদান নকৰিলে জাতিৰ ভৱিষ্যত গঢ় লৈ নুঠিব। তেওঁ সেনাৰ লোকো নহয়, যে তেওঁ নহ’লে দেশৰ নিৰাপত্তালৈ ভাবুকি আহিব। তেওঁ প্ৰসাশনিক বিষয়াও নহয় যে তেওঁ নহ’লে দেশৰ প্ৰশাসন যন্ত্ৰ নচলিব। তেওঁ ৰাজনীতিকো নহয়, যে তেওঁ নহ’লে চৰকাৰ এখন গঠন কৰি দেশ চলোৱাত অসুবিধা হ’ব। এই দিশসমূহ কিন্তু বিবেচনাযোগ্য।
দেখি-শুনি দুখলগা হৈছে যে জুবিনে হাই স্কেলত টানিব নোৱৰা হৈছে। বহুলোকে ভাৱে যে, জুবিনে নলগা জেঙত লাগি ফুৰাতকৈ কণ্ঠনলী চফা কৰাই ভাল। সেইবুলি জুবিনক অসন্মান কৰা নাই। জুবিনৰ প্ৰতি মৰম আমাৰো আছে। নহ’লেনো এই কথাখিনি কোৱা হ’লহেঁতেন নে?
বহুলোকৰ মনত প্ৰশ্ন হয়, কিয় জুবিনে বাৰে বাৰে এনে কৰে? বহুজনে বিচাৰ কৰি এয়া মূলত: তিনিটা কাৰণত হৈছে বুলি ধাৰণা কৰে। প্ৰথম এয়া পতনৰ প্ৰাকক্ষণৰ অহংকাৰ, দ্বিতীয় এয়া জুবিনৰ নিদ্ৰাহীনতাৰ কু-ফল আৰু তৃতীয় এয়া জুবিনৰ খাদ্যাভাসৰ পৰিণাম বুলিয়ে ভাৱে।

You might also like
Leave A Reply

Your email address will not be published.