২ মে’

➡️১৫১৯ ইটালীৰ প্ৰখ্যাত চিত্ৰকৰ লিঅ’নার্ডো ডা ভিন্সিৰ মৃত্যু। ‘মনালিছা’ আৰু ‘লাষ্ট ছাপাৰ’ তেওঁৰ অতি উল্লেখযোগ্য শিল্পকীর্তি।

➡️১৫৩৫ ব্যভিচাৰিণীৰ অভিযোগত লণ্ডন টাৱাৰৰ আদালতত অভিযুক্ত ইংলেণ্ডৰ সম্রাট অষ্টম হেনৰীৰ পত্নী কেথবিন; বিচাৰত তেওঁৰ শিৰচ্ছেদৰ আদেশ হয়।

➡️১৭৮০ ইংৰাজী জ্যোতির্বিজ্ঞানী উইলিয়াম হাছেলৰ দ্বাৰা সপ্তর্ষিমণ্ডলৰ আৱিষ্কাৰ।

➡️১৯০২ পৃথিৱীৰ প্ৰথমখন কল্পবিজ্ঞান চলচ্চিত্র ‘এ ট্রিপ টু দা মুন’ৰ মুক্তি।

➡️১৯২১ চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম।

➡️১৯২৮ সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু।

➡️১৯৩২ ‘দা গুড আর্থ’ৰ বাবে পার্ল এছ বাকলৈ পুলিৎজাৰ বঁটা।

➡️১৯৩৩ আডলফ হিটলাৰৰ দ্বাৰা জাৰ্মানীত ট্রেড ইউনিয়ন নিষিদ্ধ।

➡️১৯৫৯ ভাৰতৰ প্ৰথমটো পলিথিন প্ৰস্তুকৰণ প্ৰকল্পৰ মুকলি।

➡️১৯৬৮ কৰ্মচাৰীৰ ভৱিষ্যনিধি বিষয়ক বিধেয়ক লোকসভাত গৃহীত।

➡️১৯৬৯ বেষ্ট ইণ্ডিজৰ প্ৰসিদ্ধ ক্রিকেটাৰ ব্রায়ান লাৰাৰ জন্ম। ১৯৭৩ অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰৰ আধাৰশিলা স্থাপন।

➡️১৯৯০ দেৱীদাস ঠাকুৰ অসমৰ ৰাজ্যপাল। ১৯৯১ চনৰ ১৭ মার্চলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.