আজি ১ মে’

➡️আজি আন্তঃৰাষ্ট্ৰীয় মে’ দিৱস, শ্ৰমিক দিৱস।
➡️১৮৭৩ চনত খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিড লিভিংষ্টোনৰ মৃত্যু হয়।
➡️১৮৯৭ চনত স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা হয়। ১৮৬০ তনৰ সমিতি পঞ্জীয়ন আইন অনুসৰি ১৯০৯ চনৰ ৪ মে’ত এই অনুষ্ঠান পঞ্জীভুক্ত হয়।
➡️১৯০৮ চনত বিপ্লৱী ক্ষুদিৰাম বসুৰ সহযোগী প্ৰফুল্ল চাকিৰ আত্মহত্যা।
➡️১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়।
➡️১৯২৬ চনত ১২৫ জন লোকৰ প্ৰাণ লোৱা ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক ঢেঁকীয়াপতীয়া বাঘৰ জীম কৰবেটৰ হাতত মৃত্যু হয়।
➡️১৯৬০ চনত মুম্বাই পুনৰ্গঠন আইন অনুসৰি মুম্বাই ৰাজ্য দ্বিখণ্ডিত হৈ নতুন ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন হয়।
➡️১৯৭২ চনত ভাৰতত সকলোবোৰ কয়লা খনিৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে বাংলাদেশত অহা ভয়াৱহ সাগৰীয় ধুমুহাৰ ফলত প্ৰায় ১লাখ লোকৰ মৃত্যু হয়।
➡️১৯৯৩ চনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি প্ৰেমা দাসাৰ মৃ্ত্যু হয়।
➡️১৯৯৯ চনত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত ৭৫ বছৰ পূৰ্বে (১৯২৪) মৃত্যুবৰণ কৰা ইংৰাজপৰ্বতাৰোহী জৰ্জ মেলৰীৰ হিমায়িত মৃতদেহ উদ্ধাৰ কৰা হয়।
➡️২০০৩ চনত তুৰস্কত বিধ্বংসী ভূমিকম্পৰ ফলত প্ৰায় ডেৰ শতাধিক লোকনহত হয়।
➡️১৯১৩ চনত প্ৰথম ভাৰতীয় চলচ্চিত্ৰ (নিৰ্বাক) ‘ৰাজা হৰিশ্চন্দ্ৰ’ৰ মুম্বাইত মুক্তি লাভ। ছবিখনৰ নিৰ্মাতা আছিল দাদা চাহেব ফাল্কে।
➡️১৯৩৪ চনত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হয়।
➡️১৯৩৯ চনত কংগ্ৰএছৰ সৈতে মতানৈক্য হোৱাত সুভাস চন্দৰ বসুৰ কংগ্ৰেছ ত্যাগ আৰু ফৰৱাৰ্ড ব্লক গঠন।
➡️১৯৬৫ চনত অসমত ব্ৰডগজ ৰে’ল সেৱা আৰম্ভ হয়।
➡️১৯৬৯ চনত ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকীৰ হুছেইনৰ নতুন দিল্লীত মৃত্যু হয়।
➡️২০০২ চনত সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ মৃত্যু হয়।
➡️২০০৩ চনত সাহিত্যিক মেদিনী চৌধুৰীৰ মৃত্যু হয়।
➡️২০০৬ চনত বিজেপি নেতা প্ৰমোড মহাজনৰ মৃত্যু হয়।

You might also like
Leave A Reply

Your email address will not be published.