আজি RO ‘SUPERHIT’ SARMAৰ জন্মদিন…

বলেৰে ক্ৰিকেটৰ আৰম্ভণি কৰা ৰোহিত আজি বিশ্বৰ শ্ৰেষ্ঠ বেটাৰ

বেটেৰে নহয় বলেৰেহে ক্ৰিকেটৰ লগত পৰিচিত হৈছিল তেওঁ। এজন অফ স্পিনাৰ হৈ নামিছিল ২২গজৰ পৃথিৱীত। এতিয়া বিশ্বৰ বাবে তেওঁ অভিলেখ সৃষ্টিকাৰী বেটাৰ। আজি ক্ৰিকেটৰ ‘মুম্বাইৰ ৰজা’ৰ জন্মদিন। আজি RO ‘SUPERHIT’ SARMAৰ জন্মদিন।

আজি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৩৭ সংখ্যক জন্মদিন। অমায়িক, শিশুসূলভ অথচ বিপক্ষৰ বাবে বিপদজনক ৰোহিত শৰ্মা ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ বাবে এজন প্ৰিয় অধিনায়ক। ২০০৬ চনৰ জুলাই মাহত ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটিছিল ৰোহিত শৰ্মাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা অভিষেক মেচখনতে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল যুৱ ক্ৰিকেটাৰজনে। কিন্তু আপুনি জানি আচৰি হ’ব অফ স্পিনাৰ ৰূপেহে ক্ৰিকেট জীৱনৰ আৰম্ভণি কৰিছিল ‘হিটমেনে’।

১৯৯৯ চনত শৰ্মাৰ প্ৰথম ক্ৰিকেট প্ৰশিক্ষক দীনেশ জৱাহৰ লাডে চিনাক্ত কৰিছিল ৰোহিতৰ বেটিঙৰ প্ৰতিভা। বেটাৰে হিচাপে খেলা প্ৰথম খেলখনতে ৰোহিত শৰ্মাৰ বেটে অৰ্জন কৰিছিল শতক। সেইয়াই আছিল আৰম্ভণী। তাৰপাছত আৰু উভতি চাব লগীয়া হোৱা নাছিল ৰোহিত শৰ্মাই। নিজৰ বেটেৰে ৰচিল গৈছিল এটাৰ পাছত আনটো অভিলেখ। ২০১১ চনৰ বিশ্ববিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ পৰা বাদ পৰিছিল ৰোহিত শৰ্মা। কিছু হতাশ হৈছিল হিটমেন। তথাপিও অব্যাহত আছিল ক্ৰিকেটৰ সাধনা। পৰৱৰ্তী সময়ত বিশ্ব ক্ৰিকেটে লাভ কৰিলে RO ‘SUPERHIT’ SARMA।

২০১৯ ত এটা বিশ্বকাপ এদিনত সৰ্বাধিক শতক অর্জন কৰা বেটাৰ হ’ল ৰোহিত শৰ্মা। ভাৰতীয় টেষ্ট দলৰ অস্থায়ী সদস্যৰ পৰা ৱৰ্ল্ড টেষ্ট চেম্পিয়শ্বিপৰ ফাইনেলৰ অধিনায়ক হোৱাৰ লগতে বিশ্বকাপৰ ভাৰতীয় দলৰ অধিনায়ক হ’ল ৰোহিত শৰ্মা। IPL ৰ Emerging খেলুৱৈৰ বঁটা পোৱাৰ পৰা এটা দলক সৰ্বাধিক সংখ্যক IPL ট্ৰফী জিকোৱা অধিনায়ক হ’ল ৰোহিত। ODI ক্ৰিকেটত ৩টা দ্বিশতকৰ অধিকাৰী একমাত্ৰ খেলুৱৈ ৰোহিত। ODI ক্ৰিকেটত সৰ্বাধিক ২৬৪ ৰাণ অৰ্জন কৰা একমাত্ৰ খেলুৱৈ ৰোহিত। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰিছ গেইলৰ সৰ্বাধিক ছিক্সৰ অভিলেখ ভংগকাৰীও ৰোহিত।

ইমান খিনি থকাৰ পিছতো তেওঁৰ অভাৱ মাত্ৰ এটা ৱৰ্ল্ডকাপ ট্ৰফীৰ। কিন্তু এতিয়াও হাজাৰ হাজাৰ অনুৰাগীয়ে আশা ২০২৪ৰ টি-২০ বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল’ব RO ‘SUPERHIT’ SARMAই। পূৰাব নিজৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ ২০২৩ৰ অপূৰ্ণ আশা।

You might also like
Leave A Reply

Your email address will not be published.