২২ গজত ধোনীৰ অন্তিম যুঁজ!

ষ্টাম্পৰ পিছফালৰ পৰা শেষ মন্ত্ৰণাৰ বাবে সাজু ‘THALA’!

ক্ৰিকেটীয় জীৱনৰ অন্তিম পৃষ্ঠাত উপস্থিত ধোনী! আজি ২২ গজত ধোনীৰ অন্তিম যুঁজ! ষ্টাম্পৰ পিছফালৰ পৰা শেষ মন্ত্ৰণাৰ বাবে সাজু ‘THALA’!আজি শেষবাৰলৈ ষ্টেডিয়ামত গুজৰিব ‘MAHI..MAHI’ ধ্বনি!

আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চেন্নাই চুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে খেলিব এই বৰ্ষৰ অন্তিমখন লীগ মেচ। ক্ৰমে ১৪ আৰু ১২ পইন্টেৰে পইন্ট তালিকাৰ চতুৰ্থ আৰু সপ্তম স্থানত আছে চেন্নাই চুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। IPL 2024ৰ প্লে’ অফ পৰ্যায়লৈ যাবলৈ দুয়োটা দলৰ বাবেই আজিৰ মেচখন হ’ব অতি গুৰুত্বপূৰ্ণ। কিন্তু ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে আজিৰ মেচখনৰ গুৰুত্ব ইয়াতকৈ বহু বেছি। বিশ্বৰ এজন অন্যতম সফল অধিনায়ক তথা ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক আজি হয়তো শেষবাৰলৈ দেখা যাব ষ্টেডিয়ামত। ২০২০চনৰ ১৫ আগষ্টত আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় ক্ৰিকেক জগতলৈ আগবঢ়োৱা অৱদানৰ সন্মানাৰ্থে BCCIয়ে অৱসৰ দিছিল ধোনীয়ে পৰিধান কৰা ৭ নম্বৰ জাৰ্চীক। ধোনীৰ নামতেই চিৰকালৰ বাবে সংগৃহিত হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী নং ৭।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ধোনীৰ অনুৰাগীসকলৰ বাবে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনক খেলপথাৰত দেখাৰ একমাত্ৰ আশাৰ থল আছিল IPL। ষ্টাম্পৰ পিছৰ পৰা কৰা ধোনীৰ মন্ত্ৰনা, ধোনীৰ বেটৰ পৰা উলোৱা এটা এটা শ্ব’ট তেওঁৰ অনুৰাগীসকলৰ বাবে আছিল একো একোখন থ্ৰিলাৰ চিনেমাৰ দৰে। ধোনী খেলপথাৰত থকালৈ তেওঁৰ অনুৰাগীসকলৰ মাজত আছিল জীয়াই আছিল আশা। সকলোৱে একেমুখে কৈছিল ‘মাহি হ্যে টো মুমকিন হ্যে’।

IPL 2024ৰ প্ৰাকক্ষণত চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব হস্তান্তৰ কৰা হৈছিল যুৱ ক্ৰিকেটাৰ ঋতুৰাজ গাইকোৱাডৰ হাতলৈ। ধোনীয়েও এক সাক্ষাতকাৰত জীৱনৰ অন্তিমখন মেচ চেন্নাইত খেলাৰ কথা উল্লেখ কৰিছিল। বহুজনে কৈছিল ক্ৰিকেট ষ্টেডিয়ামৰ পৰা ধোনীৰ বিদায়ৰ সেয়া আছিল এক ইংগিত। ৰাজহুৱাভাৱে কোনেও ক’তো উল্লেখ কৰা নাই যদিও ধোনীৰ অনুৰাগীসকলেও গোপনে মানি লৈছে এই অপ্ৰিয় সত্য।
বতৰৰ আগজাননী অনুসৰি আজি চেন্নাইত বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু সমগ্ৰ দেশৰে মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীসকলে এতিয়া মাথো এটাই প্ৰাৰ্থনা কৰিছে যে আজি কোনো কাৰণতে চেন্নাইত হ’বলগীয়া মেচখনত কোনো বাধা নাহক। শেষবাৰলৈ আকৌ এবাৰ ধোনী ক্ৰিজত নামক। বেটিঙৰ পূৰ্বে গ্লভছৰ ফিটা টাইট কৰি অনুৰাগীলৈ উপহাৰ দিয়ক হেলিকপ্টাৰ শ্ব’ট। আকৌ এবাৰ ফাষ্ট ষ্টাম্পিঙেৰে আচম্ভিত কৰক বিশ্বক। আকৌ এবাৰ খেলপথাৰত গুজৰি উঠক MAHI…MAHIৰ জয়ধ্বনি।

You might also like
Leave A Reply

Your email address will not be published.