Assam| RSS: গুৱাহাটীত আৰ এছ এছৰ ‘প্ৰমুখ নাগৰিক সন্মিলন’

RSS

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ত্ৰিবেণী ভাগ, গুৱাহাটী মহানগৰৰ উদ্যোগত সংঘৰ শতাব্দী বৰ্ষ উদযাপনৰ অংশ হিচাপে দেওবাৰে বৰবাৰীৰ সুদৰ্শনালয়ত ‘প্ৰমুখ নাগৰিক সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

সন্মিলনত উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই মূল বক্তব্য আগবঢ়াই আৰ এছ এছৰ এশ বছৰীয়া যাত্ৰা, সংগঠনটোৰ ইতিহাস আৰু বিভিন্ন সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰে।

ডাঃ শৰ্মাই আৰ এছ এছৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বালিৰাম হেডগেৱাৰৰ জীৱন আৰু আদৰ্শৰ প্ৰসংগ উত্থাপন কৰি ১৯২৫ চনত সংগঠনটোৰ প্ৰতিষ্ঠাৰ পটভূমি ব্যাখ্যা কৰে। যুৱ সমাজক শৃংখলা, সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিক চেতনাৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত শাখা ব্যৱস্থাৰ ভূমিকা সম্পৰ্কেও তেওঁ বক্তব্য আগবঢ়ায়।

সন্মিলনত পাৰিবাৰিক মূল্যবোধৰ অৱক্ষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে ডাঃ শৰ্মাই। পিতৃ-মাতৃ আৰু সন্তানৰ মাজত যোগাযোগ হ্ৰাস পোৱা, আত্মকেন্দ্ৰিক জীৱনশৈলীৰ প্ৰভাৱ বৃদ্ধি পোৱা আৰু জ্যেষ্ঠসকলৰ সৈতে নৱপ্ৰজন্মৰ সম্পৰ্ক দুৰ্বল হৈ অহাৰ বিষয়টো তেওঁ উল্লেখ কৰে।

সন্তানসকলক ৰামায়ণ আৰু ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সৈতে পৰিচয় কৰাই দিয়াৰ আহ্বান জনাই তেওঁ কয় যে এনে সাংস্কৃতিক উৎসসমূহত পৰিয়াল, ভাতৃত্ববোধ, সন্মান, কৰ্তব্য আৰু সামাজিক মূল্যবোধৰ গুৰুত্বপূৰ্ণ শিক্ষা নিহিত হৈ আছে।

সমাজত বৃদ্ধি পোৱা হিংসা, নাৰী আৰু শিশুৰ বিৰুদ্ধে অপৰাধ তথা ড্ৰাগছৰ অপব্যৱহাৰ সন্দৰ্ভতো ডাঃ শৰ্মাই উদ্বেগ প্ৰকাশ কৰে। গুৱাহাটীৰ শেহতীয়া এক হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপন কৰি এনে ঘটনাৰ সামাজিক কাৰণসমূহক লৈ আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰে।

বনাঞ্চল ধ্বংস, প্লাষ্টিক প্ৰদূষণ, কৃত্ৰিম বান আৰু প্ৰাকৃতিক বাসস্থান ধ্বংসৰ ফলত জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়েও তেওঁ বক্তব্য আগবঢ়ায়।

‘পঞ্চ পৰিৱৰ্তন’ৰ অধীনত পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, বৃক্ষৰোপণ আৰু পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰৰ বাবে নাগৰিকসকলক আহ্বান জনায়।

ইয়াৰ উপৰি মত প্ৰকাশৰ স্বাধীনতা আৰু ধৰ্মীয় স্বাধীনতাকে ধৰি সাংবিধানিক আৰু মৌলিক অধিকাৰৰ বিষয়েও ডাঃ শৰ্মাই বক্তব্য আগবঢ়ায়। ভাষণৰ শেষত স্বদেশী সামগ্ৰীৰ প্ৰতি অধিক সন্মান আৰু সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনাই তেওঁ কয় যে দেশীয় সামগ্ৰীৰ ব্যৱহাৰ আত্মনিৰ্ভৰশীলতাৰ লগতে দেশৰ প্ৰতি দায়বদ্ধতা আৰু জাতীয় চেতনাৰো প্ৰকাশ।

সন্মিলনত গুৱাহাটী মহানগৰৰ সহ-সংঘচালক ৰুক্ম প্ৰসাদ ভূঞাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামাজিক ঐক্য, পাৰিবাৰিক মূল্যবোধ, সাংস্কৃতিক চেতনা, পৰিৱেশ সংৰক্ষণ আৰু দায়িত্বশীল নাগৰিকত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি সন্মিলনৰ সামৰণি পৰে।

You might also like
Leave A Reply

Your email address will not be published.