গুৱাহাটী ১৩ ছেপ্টেম্বৰ ২০২৬ঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধায়কৰ দায়িত্ব লৈ অসমলৈ অহা চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইচিচিৰ সাধাৰণ সম্পাদক ভূপেশ ৱাঘেলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বানপানী আৰু মূল্যবৃদ্ধিত মন দিয়ক বুলি যি ৰাজনৈতিক উপদেশ দিব বিচাৰিছে সেয়া হাস্যকৰ বুলি ৰাজ্যিক বিজেপিয়ে মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ব্রজেন মহন্তই আজি দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ২০২৩ চনৰ চত্তীশগড় বিধানসভা নির্বাচনত শোচনীয়ভাবে পৰাজয় বৰণ কৰা কংগ্ৰেছ দলটোৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাঘেলে প্রায় ৩০০০ কোটি সুৰা কেলেংকাৰী আৰু ২০১৯-২২ বৰ্ষৰ ভিতৰত সমান্তৰালভাৱে চলাই যোৱা আৱকাৰী চিণ্ডিকেট, মহাদেৱ বেটিং এপ গোচৰ আৰু সুৰক্ষা ধন সম্পর্কীয় অভিযোগ, প্রায় ৫০০ কোটি কয়লা-লেভি ৰেকেট, ২০২১ চনৰ চত্তীশগড়ৰ লোকসেৱাৰ আয়োগৰ নিযুক্তিত স্বজন-তোষণ আৰু অনিয়মৰ গোচৰ, কাষ্টম বিলিং কেলেংকাৰী আদি বিভিন্ন অভিযোগত জড়িত হোৱাৰ বাবে চত্তীশগড়ৰ জনতাই ২০১৮ চনত ৬৮ খন আসনৰ জৰিয়তে ক্ষমতালৈ অহা কংগ্ৰেছ দলটোক ২০২৩ চনত শাসনৰ বাঘজৰীৰ পৰা বিদায় দি বিজেপি দলক ৰাজ্যখনত ক্ষমতালৈ আনিছিল।
কালি সংবাদমেলত ৱাঘেলে বিজেপি গণতন্ত্ৰ বিৰোধী কাম-কাজবোৰ এতিয়া দেশবাসীয়ে ভালকৈ বুজি পাইছে বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপিৰ মুখপাত্র ব্রজেন মহন্তই ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সময়ত গণতন্ত্রক কিদৰে ভৰিৰে মোহাৰি পেলাইছিল সেই কথা ভাৰতবাসীৰ আজিও মনত আছে। অসমতো সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, দুলাল বৰুৱাকে ধৰি কেইবাগৰাকীও বৰেণ্য ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰিছিল। সেই কথা ৱাঘেলৰ দৰে নেতাই জনা উচিত। খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণ সম্পৰ্কত বাঘেলক প্রত্যাহ্বান জনাই মুখপাত্ৰগৰাকীয়ে কয় যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ কথা কৈ ঘঁৰিয়ালৰ চকুপানী টুকিব বিচৰা কংগ্ৰেছে ভোট বেংকৰ আশাত কিদৰে বাংলাদেশৰ পৰা অবৈধভাৱে অসমলৈ অহা লোকসকলক বৰপীৰা পাৰি দিছিল সেই কথা অসমৰ সচেতন জনতাই কোনোদিনে নাপাহৰে। আজিৰ সংবাদমেলত মুখপাত্র ব্রজেন মহন্তৰ লগতে মুখপাত্র প্রাঞ্জল কলিতা আৰু মেডিয়া পেনেলিষ্ট অমল নাৰায়ণ পাটোৱাৰী উপস্থিত থাকে।
