Assam| Amit Shah: ২০২৯ৰ পূৰ্বে বিজেপি-এনডিএ শাসিত ২১ ৰাজ্যত UCC: অমিত শ্বাহ

Amit Shah

নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ: ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ থকা ২১খন ৰাজ্যত একক নাগৰিক সংহিতা বা UCC প্ৰৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

দেওবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় চৰকাৰৰ বিগত ১২ বছৰৰ বিভিন্ন সাফল্য আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ ২৫ বছৰীয়া যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্বাহে UCC সন্দৰ্ভত এই মন্তব্য কৰে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত একক নাগৰিক সংহিতা প্ৰৱৰ্তন কৰা হৈছে। আগন্তুক সময়ত বিজেপি-এনডিএ শাসিত ২১খন ৰাজ্যতো ২০২৯ চনৰ পূৰ্বে UCC কাৰ্যকৰী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

শ্বাহে লগতে তিনি তালাক প্ৰথা বিলোপৰ কথা উল্লেখ কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে মুছলমান মহিলাসকলক সম অধিকাৰ প্ৰদান কৰা হৈছে। তেওঁৰ মতে, দেশত সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ দিশত এনে আইনগত পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

উল্লেখ্য যে ২০২৯ চনত দেশত পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ পূৰ্বে ২১খন বিজেপি-এনডিএ শাসিত ৰাজ্যত UCC ৰূপায়ণৰ লক্ষ্যৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাটোৱে বিষয়টোক পুনৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰলৈ আনিছে।

You might also like
Leave A Reply

Your email address will not be published.