আজি ঘোষণা হ’ব টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪ৰ ভাৰতৰ দল!

কোন কোন থাকিব ভাৰতীয় স্কোৱাডত?

দেশ বৰ্তমান IPL জ্বৰত আক্ৰান্ত। ভাৰতৰ সৰ্ববৃহৎ টি-২০ ক্ৰিকেট লীগ IPLত নিতৌ দেখিবলৈ পোৱা গৈছে দেশী-বিদেশী ক্ৰিকেট তাৰকাৰ প্ৰশংসনীয় প্ৰদৰ্শন। IPLৰ সামৰণিৰ পিছতে আৰম্ভ হ’ব টি-২০ ক্ৰিকেটৰ বিশ্ব যুদ্ধ। পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত আয়োজন কৰা হৈছে টি-২০ ক্ৰিকেট বিশ্বকাপ। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪।

টি-২০ বিশ্বকাপৰ বাবে মাজত মাথো আৰু কেইটামান দিন। ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এতিয়া বহুপ্ৰত্যাখিত খবৰটো হৈছে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ঘোষণা। ১ মে’ অৰ্থ্যাৎ কালি দল ঘোষণা টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণা কৰাৰ অন্তিম দিন। প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) বাছনি সমিতিয়ে অতিশীঘ্ৰেই টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দল ঘোষণা কৰিব।
বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে আজি আহমেদাবাদত বাছনি সমিতিক সাক্ষাৎ কৰিব। এই বৈঠকৰ পিছতহে ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দল।

উল্লেখ্য যে, বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ২৭ এপ্ৰিলত দিল্লীত উপস্থিত হৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে বৈঠকত মিলিত হৈছিল। আজি বাছনি সমিতিৰ অন্তিম আলোচনাৰ পিছতে চূড়ান্ত হ’ব টি-২০ বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দল।
টি-২০ বিশ্বকাপৰ বাবে সাম্ভাৱ্য ভাৰতীয় ক্ৰিকেট দলটো হ’ল ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ঋষভ পন্ত (উইকেটকিপাৰ), ৰিংকু সিং, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যুজৱেন্দ্ৰ চহল, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, অৰ্শদীপ সিং, সঞ্জু চেমচন (উইকেটকিপাৰ) আৰু শিৱম দুবে।

ভাৰতৰ ক্ৰিকেট দলটো টি-২০ বিশ্বকাপ ২০২৪ৰ গ্ৰুপ Aৰ অংশ। ভাৰতৰ প্ৰথমখন মেচ ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। ৯ জুনত দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত। পৰৱৰ্তী মেচত ১২ আৰু ১৫ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বিৰুদ্ধে খেলিব ভাৰতে। ১৫ জুনত অনুষ্ঠিত হ’ব গ্ৰুপৰ অন্তিমখন মেচ।
ভাৰতীয় দলটোৱে ২০০৭ চনত অনুষ্ঠিত হোৱা প্ৰথম টি-20 বিশ্বকাপৰ চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰিছিল। ইয়াৰ পিছত বৰ্তমানলৈকে ভাৰতে এই খিতাপ অৰ্জন কৰিব পৰা নাই। টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰিলে, ভাৰতে এতিয়ালৈকে ৪৪ খন মেচ খেলিছে। ইয়াৰ ভিতৰত, ভাৰতে ১৫ খন মেচত পৰাজয়ৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে ২৭ খন মেচত জয়ী হৈছিল। এখন খেল টাই হৈছিল আৰু এখন খেলৰ কোনো ফলাফলবিহীন আছিল।

You might also like
Leave A Reply

Your email address will not be published.