৩০ এপ্রিল

➡️১০৩০ আফগানিস্তানৰ গজনীৰ শাসক চুলতান মামুদৰ মৃত্যু। ককায়েক মহম্মদক অন্ধ কৰি মামুদৰ পুত্ৰ মাছুদৰ সিংহাসন দখল। চুলতান মামুদে ১০০০-১০২৬ চনৰ ভিতৰত কেইবাবাৰো ভাৰত আক্ৰমণ কৰে। মামুদৰ এই আক্ৰমণৰ ফলত ভাৰতৰ বহু স্থাপত্য শিল্প আৰু অন্যান্য শিল্পকলা বিধ্বস্ত হয়, ভাৰতৰ অৰ্থনীতিও বিপর্যস্ত হৈ পৰে।

➡️১৫৮৮ আমেৰিকাত প্রথম আধুনিক নাট্যাভিনয়। প্রথম মঞ্চস্থ হোৱা নাটকখন আছিল স্পেনিছ ভাষাৰ কমেডী ‘ৰিঅ’ গ্রান্ডে’।

➡️১৭৮৯ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে জৰ্জ ৱাম্বিংটনৰ কাৰ্যভাৰ গ্ৰহণ।

➡️১৮৭০ ভাৰতৰ প্ৰথম চলচ্চিত্র নির্মাতা দাদা চাহেব ফাল্কেৰ জন্ম।

➡️১৯০৮ বিহাৰৰ মুজাফৰপুৰৰ জিলা শাসক কিংছ ফোর্ডক হত্যাৰ উদ্দেশ্যে বংগৰ বিপ্লৱী ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল – চাকিৰ বোমা নিক্ষেপ। কিন্তু এই বোমা বিস্ফোৰণত জিলা শাসকৰ পৰিৱৰ্তে দুগৰাকী ইংৰাজ মহিলা নিহত হয়। ক্ষুদিৰাম বসু ধৰা পৰে আৰু বিনা বিচাৰে সেই বছৰৰে ১১ আগষ্টত তেওঁৰ ফাঁচি হয়। ৰাজনৈতিক কাৰণত মৃত্যুদণ্ড দিয়া এইটোৱেই আছিল কুৰি শতিকাৰ ভাৰতৰ প্ৰথম ঘটনা। তদুপৰি ক্ষুদিৰাম বসুৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ কনিষ্ঠতম শ্বহীদ। বসুৰ সহযোগী প্রফুল্ল চাকিয়ে সেই বছৰৰে ১ মে’ত নিজৰ পিষ্টলেৰে আত্মহত্যা কৰে।

➡️১৯১১ পর্তুগালত মহিলাৰ বাবে ভোটাধিকাৰ প্ৰৱৰ্তন।

➡️১৯৪৫ প্রণয়িনী ইভা ব্রাউনক লৈ নিজ বাসগৃহৰ ভূগর্ভস্থ কোঠাত আডলফ হিট্‌ট্ৰাৰৰ আত্মহত্যা। উল্লেখ্য, মৃত্যুৰ পূৰ্বে হিট্টাৰে ইভা ব্রাউনক বিয়া কৰাইছিল।

➡️১৯৫৯ ভাৰতৰ ৰাষ্ট্ৰীয়কৃত শিল্পৰ ভিতৰত প্ৰথম ৰুৰকেল্লাত ইস্পাট প্রস্তুত।

➡️১৯৯৭ ইংলেণ্ডৰ প্ৰসিদ্ধ ঘড়ীস্তম্ভ ‘বিগ বেন’ দুপৰীয়া ১২.১১ বজাৰ পৰা ৫৪ মিনিটৰ বাবে বন্ধ।

➡️১৮৫৯ চনৰ ১৩ মে’ৰ পৰা ঘড়ীটো চলি আছে।

➡️২০০৪ ভাৰতৰ ৰে’লত ধূমপান নিষিদ্ধ।

You might also like
Leave A Reply

Your email address will not be published.