২৯ এপ্রিল

আজি আন্তর্জাতিক নৃত্য দিৱস।

➡️১২৩৬ দিল্লীৰ দাসবংশীয় চুলতান ইলতুৎমিছৰ (সম্পূর্ণ নাম ছামছুদ্দিন ইলতুৎমিছ) মৃত্যু।

➡️১৪২৯ ফৰাচী কিশোৰী জোৱান অব্ আৰ্কৰ নেতৃত্বত ফ্ৰান্সৰ ইংৰাজ আক্ৰমণকাৰীৰ বিৰুদ্ধে জয়লাভ, ফ্রান্সক উদ্ধাৰ। ১৬৩৯ দিল্লীত লালকিল্লাৰ নিৰ্মাণ আৰম্ভ। ১৬৪৮ চনৰ ১৩ মে’ত ইয়াৰ নিৰ্মাণ সম্পূর্ণ হয়।

➡️১৮৪৮ ভাৰতৰ প্ৰসিদ্ধ চিত্রশিল্পী ৰাজা ৰবি বাৰ্মাৰ জন্ম। ১৮৫২ বিশ্বৰ প্ৰসিদ্ধ সমার্থকোষ ‘ৰজেটছ থিছ’ৰাছ’ৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ। ১৮৫৬ ক্রিমিয়াৰ যুদ্ধৰ সামৰণি। ১৮৫৪ চনত ইংলেণ্ড,ফ্রান্স আৰু তুৰস্কই যুটীয়াভাৱে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইতিহাসত এই যুদ্ধ ‘ক্রিমিয়াৰ যুদ্ধ’ নামে প্রখ্যাত।

➡️১৯৩৬ ভাৰতীয় সংগীত-শিল্পী জুবিন মেহতাৰ জন্ম।

➡️১৯৪৫ প্রণয়িনী ইভা ব্রাউনৰ লগত আডলফ হিট্‌ট্ৰাৰৰ বিবাহ। উল্লেখ্য, বিয়াৰ পিছদিনাই ইভা ব্রাউনক লৈ হিল্লাৰে আত্মহত্যা কৰে।

➡️১৯৭০ টেনিছ খেলুৱৈ আন্দ্ৰে আগাছীৰ জন্ম। ১৯৯১ বাংলাদেশত ভয়াৱহ ঘূর্ণি, ১,৩৯,০০০ লোক নিহত, দহ নিযুত লোক গৃহহীন।

➡️১৯৯১ জর্জিয়াত ভূমিকম্প, ১০০জন লোক নিহত।

➡️১৯৯৯ মাৰাঠী মঞ্চ আৰু হিন্দী চলচ্চিত্র জগতৰ লগতে সৰু পৰ্দাৰ প্ৰতিভাশালী অভিনেতা মোহন গোখলেৰ (মিষ্টাৰ যোগী ৰূপে খ্যাত) মৃত্যু।

➡️১৯৮৯ পৰাগ কুমাৰ দাসৰ সম্পাদনাত ‘বুধবাৰ’ৰ প্ৰথম প্ৰকাশ। ২০০৭ নৱম বিশ্বকাপ ক্রিকেটত অস্ট্রেলিয়া চেম্পিয়ন। ফাইনেলত অস্ট্রেলিয়াই শ্রীলংকাক ৫৩ ৰানত পৰাস্ত কৰে।

You might also like
Leave A Reply

Your email address will not be published.