আজি ২৮ এপ্ৰিল

 ➡️আজি আফগানিস্তানৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৬৮৬ ছাৰ আইজাক নিউটনৰ প্ৰসিদ্ধ গ্ৰন্থ ‘প্ৰন্সিপায়া’ৰ প্ৰথম খণ্ড প্ৰকাশ পায়।
➡️১৭৭০ ইংৰাজ নাৱিক তথা অভিযাত্ৰী জেমছ কুকৰ প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত পদাৰ্পণ।
➡️১৮৬৮ ফৰাচী সাহিত্যিক, চিত্ৰকৰ এমিলি বাৰ্নাডৰ জন্ম।
➡️১৯২৪ জাম্বিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি কেনেথ ডেভিদ কাউণ্ডাৰ জন্ম।
➡️১৯৩৭ চনত টাইগ্ৰিছ নদীৰ উপকূলৱৰ্তী চহৰ টিক্ৰিতৰ ওচৰৰ এখন গাঁৱত ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ জন্ম।
➡️১৯৪২ ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ মাইক ব্ৰেইলীৰ জন্ম।
➡️১৯৪৫ ইটালীয় পাৰ্টিজান নামৰ এক সংগঠনৰ সদস্যৰ গুলীত ইটালীৰ ফেচীবাদি একনায়ক বেনিটো মুছোলিনি আৰু তেওঁৰ পত্নীৰ মৃত্যু হয়।
➡️১৯৪৭ পাঁচজন সহযাত্ৰীক লৈ দক্ষিণ আমেৰিকা পেৰুৰ পৰা প্ৰশান্ত মহাসাগৰত নৰৱেৰ অভিযাত্ৰী থৰ হেয়াৰডেলৰ প্ৰসিদ্ধ কনটিকি অভিযান আৰম্ভ হয়। এশ এদিনৰ যাত্ৰাৰ অন্তত ৭ আগষ্টৰ দিনা হেয়াৰডেলৰ দল দক্ষিণ প্ৰশান্ত মহাসাগৰৰ টুৱামোটু দ্বীপত উপস্থিত হয়।
➡️১৯৬৮ চনত ডিম্বাবৱেৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ এণ্ডি ফ্লাৱাৰৰ জন্ম।
➡️১৯৯৭ চনত হায়দৰাবাদত এছিয়াৰ অন্যতম বৃহৎ তথ্য-প্ৰযুক্তি উদ্যান হায়দৰাবাদ ইনফৰমেচন টেকনোলজী, ইঞ্জিনিয়াৰিং কনছালটেন্সী চিটী বা হাইটেক চিটী প্ৰতিষ্ঠা হয়।

You might also like
Leave A Reply

Your email address will not be published.