হিংসাজৰ্জৰ মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা

CRPFৰ ছাউনীত আক্ৰমণ কুকি উগ্ৰপন্থীৰ

লোকসভা নিৰ্বাচনৰ মাজতেই হিংসাজৰ্জৰ মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হয়। আজি পুৱতি নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং থানাৰ অন্তৰ্গত নাৰায়ণসেনা গাঁৱত থকা CRPFৰ ১২৮নং বেটেলীয়ানৰ ছাউনীত কুকি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত চহিদ হৈ দুজনকৈ সেনা জোৱান। নাৰায়ণসেনাত থকা সেনী ছাউনীৰ নিকটৱৰ্তী কুকি অধ্যুষিত অঞ্চলৰ পৰা নিশা প্ৰায় ১২.৩০ বজাৰ পৰা পুৱতি নিশা প্ৰায় ২.১৫ বজালৈ কুকি সন্ত্ৰাসবাদীসকলে গুলীবৰ্ষণ কৰা বুলি জানিব পৰা গৈছে। লগতে এই গুলীচালনাৰ মাজতে এটা সেনা ছাউনীটোত এটা বোমা বিস্ফোৰণৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

কুকি উগ্ৰপন্থীৰ এই আক্ৰমণৰ ফলত সেনা ছাউনীটোৰ ২ জনকৈ জোৱান চহিদ হোৱাৰ লগতে ২জন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চহিদ সেনা দুজন হ’ল এন চৰকাৰ আৰু অৰূপ সাইনী আৰু আহত সেনা জোৱান ২জন হ’ল যাদৱ দাস আৰু আফতাব হুছেইন। উল্লেখ্য যে, উগ্ৰপন্থীৰ আক্ৰমণৰ পাছত আহত চাৰিওজন জোৱানকে ততাতয়াকৈ নিকটৱৰ্তী RIMS হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও এন চৰকাৰ আৰু অৰূপ সাইনীক ডাক্তৰে মৃত ঘোষণা কৰে।

উল্লেখনীয় যে, দুদিনপূৰ্বে কাংপক্পী জিলাত কোনো দুষ্কৃতিকাৰীয়ে এখনত দলং বিস্ফোৰণ কৰিছিল। যাৰ ফলত সম্প্ৰিতি পাহাৰীয়া অঞ্চলটোত কহিমাৰ পৰা ইম্ফলৰ পথ যোগাযোগ ব্যাহত হৈ আছে। দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত চলি আছে যদিও এইপৰ্যন্ত দলংখন ব্যৱহাৰোপযোগী হৈ উঠা নাই। তদুপৰি শেহতীয়াকৈ ঘটনা সংঘটিত হোৱা অঞ্চলটোত কালিৰ পৰা নিৰুদ্দেশ হৈ থকা এজন মেইটেই যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে।

বিগত বৰ্ষৰ পৰা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ থকা মণিপুৰৰ কেইবাটাও অঞ্চলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। কিন্তু স্পৰ্শকাতৰ কিছু এলেকাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণিৰ পাছতে হিংসাজৰ্জৰ অঞ্চলটোত এলেকাটোত সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যাৰ সৃষ্টি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.