আজি প্ৰথম অসমীয়া বোলছবি ”জয়মতী” য়ে অতিক্ৰম কৰিলে ৮৯ টা বৰ্ষ।

 

১৯৩৫ চনৰ ১০ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে মুক্তি পোৱা প্ৰথমখন অসমীয়া কথাছবি ”জয়মতী” পৰা আৰম্ভ হৈছিল অসমীয়া ছবিজগতৰ এক বৰ্ণাঢ্য যাত্ৰা। আজি অসমীয়া প্ৰথমখন কথাছবি জয়মতীয়ে ৮৯ টা বৰ্ষ অতিক্ৰম কৰিলে।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতি জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে জয়মতীত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। সতী জয়মতী অসমৰ ইতিহাসৰ এক বিশেষ চৰিত্ৰ,যাৰ মহিয়সাৰ আৰ্দশেৰে যুগে যুগে অনুপ্ৰাণিত হৈ আহিছে সমগ্ৰ অসমীয়া জাতিয়ে।

এই ছবিৰ মূল ছুটিং গহপুৰৰ কাষৰ ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা “চিত্ৰবন ষ্টুডিঅ”ত কৰা হৈছিল। থলুৱা আৰ্হিৰে থলুৱা সামগ্ৰীৰে যেনে পশুৰ শিং, মহৰ শিং, বাঁহৰ জাপি, নগা যাঠী, আচবাবেৰে এখন ৰাজচ’ৰা সাজি তেওঁ ষ্টুডিঅতে সকলো ছুটিং কৰিছিল। আৰু ১৯৩৫ চনত “চিত্ৰলেখা মুভিটোন”ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হৈছিল।

আহোম ৰাজত্ব কালৰ এক মহীয়হী নাৰীৰ দেশৰ প্ৰতি দিয়া আত্ম বলিদানক জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমাৰ মাধ্যমেৰে সফল ভাৱে পদৰ্শিত কৰি ৰাইজৰ মন জয় কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱলাদেৱে নিজে পৰিচালনা,প্ৰযোজনা লগতে সঙ্গীত পৰিচালনা কৰা জয়মতীৰ বাজেট আছিল পঞ্চাশ হাজাৰ টকা। তেখেতে লাহোৰৰ পৰা ”ফৈজী চাউণ্ড চিষ্টেম” আৰু কলিতাৰ মেহতাৰ পৰা কেমেৰা আনিছিল।

ছবিখনৰ মুখ্য নায়িকা আইদেউ সন্দিকৈৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছিল। অভিনয়ত আছিল ফুনু বৰুৱা, ফণী শৰ্মা, মোহিনী ৰাজকুমাৰী, স্বৰ্গজ্যোতি বৰুৱা, মনোভিৰাম বৰুৱা, স্নেহ চন্দ্ৰ বৰুৱা, নৰেন বৰদলৈ, ৰাণা বৰুৱা, চামচুল হক, পুতুল হক, ৰাজেন বৰুৱা, ৰাজকুমাৰী গোহাঁই, সূবৰ্ণৰেখা, ললিত মোহন, প্ৰফুল্ল চন্দ্ৰবৰুৱা, কমলা প্ৰসাদ আগৰৱালা আদিয়ে।

অসমীয়া জাতিক মহীয়ান কৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মহান অৱদান ‘জয়মতী’ৰ আজি মুক্তি লাভৰ ৮৯তম সবৰ্ষ। এই পৱিত্ৰ দিনটোত বোলছবিখনৰ লগতে ছবিখনৰ নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীক NeBharat24 তৰফৰপৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছো

You might also like
Leave A Reply

Your email address will not be published.