জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ!

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সোমবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছে এই আক্ৰমণ। উগ্ৰপন্থীৰ আক্ৰমণত ৰে’লৱে আৰক্ষী বাহিনীৰ (আৰপিএফ) এজন জোৱান নিহত হোৱাৰ বিপৰিতে আহত আন এজন জোৱান। পুলৱামাৰ কাকাপোৰা ৰে’ল ষ্টেচনৰ বাহিৰৰ চাহৰ দোকানত আৰপিএফ জোৱানসকলক লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰে সন্ত্ৰসবাদীয়ে। উল্লেখ্য যে সংকটজনক অৱস্থাত আহত দুই জোৱানক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও হেড কনিষ্টবল সুৰিন্দৰ সিঙক মৃত ঘোষণা কৰে। আনহাতে উপ-পৰিদৰ্শক দেৱ ৰাজক বিশেষ চিকিৎসাৰ বাবে শ্ৰীনগৰলৈ প্ৰেৰণ কৰে।

ইফালে আক্ৰমণৰ লগে লগে জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু আক্ৰমণকাৰীসকলক বিচাৰি উলিওৱাৰ বাবে তালাচী অভিযান আৰম্ভ কৰে। অৱশ্যে, এই পৰ্যন্ত কোনো সন্দেহযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.