জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত নিহত দুটা দুধৰ্ষ সন্ত্ৰাসবাদী!

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। বুধবাৰে নিশা শ্ৰীনগৰৰ নৌগাম অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ এক যুটীয়া অভিযানত নিহত হয় দুটা দুধৰ্ষ সন্ত্ৰাসবাদী। নিহত দুই সন্ত্ৰাসবাদী আনছাৰ গাজৱাত-উল-হিন্দৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিহত দুই সন্ত্ৰাসবাদী পুলৱামাৰ আইজাজ ৰছুল নাজাৰ আৰু শ্বাহিদ আহমদ ওৰফে আবু হামজা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল নিহত সন্ত্ৰাসবাদী দুটা । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে ৰাইফল, দুটা পিষ্টলৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.