জামিন পালে দেৱাংগনাই

নেচনেল ডেস্ক, এন ই ভাৰত

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত জামিন লাভ কৰিলে অসম সন্তান দেৱাংগনা কলিতাই। দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন আবেদন। ‘কা’-বিৰোধী আন্দোলনৰ বাবেই যোৱা বছৰ গ্ৰেপ্তাৰ হৈছিল দেৱাংগনা। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা দিল্লীৰ তিহাৰ জেলত কাৰাবন্দী হৈ আছে। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধীতাৰে দেশৰ ৰাজধানী দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত ভাৰত চৰকাৰৰ গৃহ বিভাগে গৱেষক ছাত্ৰীগৰাকীক ৪৮ /২০২০, ৫০ / ২০২০ আৰু ২৫০/২০১৯ এই তিনিটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত পুনৰ ৫৯ / ২০২০ গোচৰটোও জাপি দিছিল দেৱাংগনা কলিতাৰ ওপৰত। ইয়াৰ পিছতেই দেৱাংগনা কলিতাৰ ওপৰত Unlawful Activity Prevention Act চমুকৈ UAPA আইন জাপি দি হত্যা,সন্ত্ৰাসবাদ আৰু অন্যান্য অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখযোগ্য যে একেটা গোচৰত কাৰাবন্দী দেৱাংগনাৰ আন দুই সতীৰ্থ নাতাশা নৰৱাল আৰু আছিফ ইকবাল টানহাৰো জামিন মঞ্জুৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.