জীৰা খালে কি কি উপকাৰ হয়?

জীৰা খালে কি কি উপকাৰ হয়?

জীৰা সুগন্ধিদায়ক আৰু মিঠা। ই ভোক বঢ়ায়। ই পেটচলা ৰোগ প্ৰতিৰোধক আৰু
গ্ৰহণী ৰোগো প্ৰতিৰোধ কৰিব পাৰে। ই পেটৰ বিষ, স্নায়ু দুৰ্বল দূৰ কৰে। ইয়াক
টনিক হিচাবে ব্যৱহাৰ কৰিব পাৰি। জীৰা অলপ জ্বলা, এণ্টি পাইৰোটিক, টিউমাৰ,
চকুৰ ৰোগ লিউক’ডাৰমা, কুষ্ঠৰোগ, পেটৰ বিষ নাশক, পেটফুলা আৰু পেটত
হোৱা ক্ৰিমি নাশ কৰে। ইয়াৰ পৰা প্ৰস্তুত কৰা তেল বেচু, পিত্তৰোগ, বমি, কেঁচুমুৰীয়া,
বগাস্ৰাৱ, ছালৰ ৰোগ, কাহ, মেলেৰিয়া জ্বৰ, গণোৰিয়া, হিকটি, হাঁইফাঁই, ব্ৰংকাইটিছ,
পেটৰ ঘা, শাৰিৰীক দুৰ্বলতা দূৰ কৰে। ইয়াৰ ইংৰাজী নাম Camin Seed আৰু
বৈজ্ঞানিক নাম Cominum Cyminum Linn।

(উৎস- প্ৰামাণিক বনদৰব, ড০ গুণাৰাম খনিকৰ)

You might also like
Leave A Reply

Your email address will not be published.