দেশৰ কোটি কোটি মুছলমান সম্প্ৰদায় সকলৰ বাবে ভাল খবৰ

ৰমজানৰ পাছতেই অযোধ্যাত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম

দেশৰ কোটি কোটি মুছলমান সম্প্ৰদায় সকলৰ বাবে ভাল খবৰ। ৰমজানৰ পাছতেই অযোধ্যাত আৰম্ভ হ’ব মছজিদ নিৰ্মাণৰ কাম।ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে সদৰী কৰা মতে তাজমহলতকৈও আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব মছজিদটো। মুছলমানসকলৰ পৱিত্ৰ তীৰ্থস্থান মক্কাৰ পৰা অনা প্ৰবিত্ৰ ইটাৰে মছজিদ নিৰ্মাণৰ
কাৰ্য্য শুভৰাম্ভ কৰা হ’ব।
তথ্য অনুসৰি, অযোধ্যাৰ এই মছজিদটো ৫একৰ ভূমিত নিৰ্মাণ কৰা হৈছে আৰু মছজিদটো নাম হ’ব মহম্মদ-বিন-আব্দুলা মছজিদ।মছজিদটোত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ লগতে ইটাত লিখা থাকিব কোৰাণৰ বাণী।মছজিদৰ চৌহদত এখন কেন্সাৰ হাস্পতাল, ডেণ্টেল কলেজ, গ্ৰন্থাগাৰ, গৱেষণা কেন্দ্ৰৰ লগতে এটা সাৰ্বজনীন পাকঘৰ থাকিব।

মছজিদৰ নিৰ্মাণৰ পাছত প্ৰথম নামাজ আদায় কৰিব মক্কাৰ ইমাম আব্দুল ৰহমানে। মছজিদৰ চৌহদত থকা হাস্পতালত হিন্দু-মুছলমান সকলোৰে বিনামূলীয়াকৈ চিকিৎসা কৰা হ’ব ।অযোধ্যৰ ধানীপুৰৰ এই পৱিত্ৰ মছজিদটো ইছলামিক সভ্যতাৰ ইতিহাসত কীৰ্তি হৈ ৰ’ব।

You might also like
Leave A Reply

Your email address will not be published.