আজিৰ দিনটোতে বিশ্ব জল দিৱস কিয় পালন কৰা হয় জানেনে ?

World Water Day 2024: পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ!এই বাক্যশাৰী হয়তো আমি বহুবাৰ শুনিছো।পানী অবিহনে হয়তো আমি আমাৰ জীৱন কল্পনাও কৰিব নোৱাৰো।মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, শক্তি উৎপাদন আৰু কৃষি আদি বহু বস্তুৰ বাবে পানী অপৰিহাৰ্য।পানী হৈছে এক সীমিত সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰ আৰু দায়িত্বশীলভাৱে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। পানী সংৰক্ষণ কৰাটো আমাৰ বাবে কিমান জৰুৰী সেই বিষয়ে আমি সকলোৱে জ্ঞাত।আজি জনসংখ্যা বৃদ্ধি আৰু সজাগতাৰ অভাৱৰ বাবে দেশৰ লগতে বিশ্বৰ বহু ঠাইত পানীৰ নাটনি হৈছে । দৈনন্দিন প্রয়োজনীয়তাৰ সমান্তৰালকৈ মানুহে খোৱাপানীও পোৱা নাই, গতিকে পানী সংৰক্ষণৰ সম্পর্কে সজাগতা বিয়পোৱাটো অধিক গুৰুত্বপূর্ণ হৈ পৰিছে ৷পানীক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা আৰু অপচয় নকৰাটো পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য ।

কিন্তু আমি ইয়াৰ সংৰক্ষণৰ বিষয়ে কিমান সজাগ বা আমি আমাৰ জীৱনত পানীৰ গুৰুত্বৰ বিষয়ে কিমান অৱগত?
বাস্তৱ জীৱনত এই কথা কিমান জনে মানে বা কিমান জনে অৱলম্বন কৰে সেয়া এক জটিল প্ৰশ্ন। সেয়ে এই বিশ্ব জল দিৱসৰ জৰিয়তে জনসাধাৰণৰ মাজত পানীৰ গুৰুত্ব আৰু ইয়াক সংৰক্ষিত কৰাৰ বিষয়ে সজাগ কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।

আজি বিশ্ব জল দিৱস। প্ৰতি বছৰে দৰে ২২ মাৰ্চ তাৰিখে বিশ্বৰ সৰ্বত্ৰ পালন কৰা হয় ‘বিশ্ব জল দিৱস’।১৯৯৩ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱসটি উদযাপন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে পানীৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা। একে সময়তে ইয়াৰ অপচয় বন্ধ কৰিবলৈ আৰু সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে মানুহক সচেতন কৰা ।যাৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা কাৰ্যালয়লৈকে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু ইয়াৰ বিষয়ে মানুহক জনাবলৈ প্ৰয়াস কৰা হয়।

প্ৰতি বছৰে বিশ্ব জল দিৱসত জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত এক নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু তাক কেন্দ্ৰ কৰি কাম কৰা হয়। ২০২৪ চনত বিশ্ব জল দিৱসৰ বিষয়বস্তু হৈছে ”water for peace” অৰ্থাৎ ‘শান্তিৰ বাবে পানী’।

বিশ্ব জল দিৱস ২০২৪ত আপুনি কি কৰিব পাৰে?

◼️ পানী সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ, আপুনি আপোনাৰ চুবুৰীয়া আৰু সামাজিক মাধ্যমৰ লোকসকলক পানী সংৰক্ষণ প্ৰকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাব পাৰে।

◼️ আপুনি আপোনাৰ নিজৰ ঘৰত পানীৰ ব্যৱহাৰ নিৰীক্ষণ কৰিব পাৰে।দাঁত ব্ৰাছ কৰাৰ সময়ত বা শ্বেভিং কৰাৰ সময়ত টেপটো বন্ধ কৰি দিব লাগে।শ্বাৱাৰৰ সময় কম কৰক।

◼️ প্ৰয়োজনৰ সময়তহে আপোনাৰ গছবোৰত পানী দিয়ক।পাইপ, নলা আৰু কাপলিঙত লিক হৈছে নেকি পৰীক্ষা কৰক।

You might also like
Leave A Reply

Your email address will not be published.