‘Captain Cool’ is no more a Captain

অন্ত পৰিল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ এক বৰ্ণিল অধ্যায়ৰ

ন্ত পৰিল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ এক বৰ্ণিল অধ্যায়ৰ। চেন্নাই চুপাৰ কিংগছৰ অধিনায়কৰ দায়িত্ব ‘কেপ্তেইন কুল’ৰ পৰা স্থানান্তৰিত কৰি অৰ্পন কৰা হ’ল যুৱ ক্ৰিকেটাৰ ৰুতুৰাজ গাইকুৱাডৰ হাতত। ২০০৮ চনত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ আৰম্ভ হোৱাৰে পৰা চেন্নাই চুপাৰ কিংগছৰ অধিনায়কৰ দায়িত্বত আছিল মহেন্দ্ৰ সিং ধোনী। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে চেন্নাই চুপাৰ কিংগছে ৫ বাৰকৈ হাতত তুলি লৈছিল আই পি এলৰ ট্ৰফী। বিগত বৰ্ষতো চেন্নাই চুপাৰ কিংগছ দলে অৰ্জন কৰিছিল চূড়ান্ত বিজয়ীৰ খিতাপ।

২০০০ৰ দশকত জন্ম হোৱা ক্ৰিকেটপ্ৰেমীসকলৰ বাবে শৈশৱৰ এটা অবিচ্ছেদ্য অংশ আছিল আই পি এল। চেন্নাই চুপাৰ কিংগছৰ অপৰিৱৰ্তিত অধিনায়কত্বই সেইসকল ক্ৰিকেট প্ৰেমীক যৌৱনৰ কালতো দিছিল শৈশৱৰ সোৱাদ। তেওঁলোকৰ পৰিৱৰ্তিত জীৱন পৰিক্ৰমাত চেন্নাই চুপাৰ কিংগছ দল আৰু অধিনায়ক ধোনীৰ সম্পৰ্কই আছিল একমাত্ৰ স্থিতি। কিন্ত আজি সেইসকল ক্ৰিকেটপ্ৰেমীৰ বাবেও অন্ত পৰিল শৈশৱৰ সোৱাদৰ সেই খোৰাক।

চেন্নাই চুপাৰ কিংগছৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমযোগে আজি সদৰি কৰে যে, চি এচ কে দলৰ অধিনায়কত্ব আনুষ্ঠানিকভাৱে ভাৰতীয় যুৱ ক্ৰিকেটাৰ ৰুতুৰাজ গাইকুৱাডক অৰ্পন কৰা হৈছে। ভাৰতৰ হৈ ৬খন এদিনীয়া আৰু ১৯ খন টি-২০ খেলা গাইকুৱাডে ২০২০ চনত চিএছকেত আত্মপ্ৰকাশ কৰিছিল। সোঁহতীয়া অপেনাৰ ৰুতুৰাজে যোৱা বছৰ ১৬খন মেচত ১৪৭.৫০ৰ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটেৰে মুঠ ৫৯০ ৰাণ সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে, ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ এই চিজনৰ শেষত প্ৰাক্তন ভাৰতীয় অধিনায়ক ‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সেয়েহে চি এচ কেৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.