শ্ৰীশ্ৰীদৌলগোবিন্দ মন্দিৰৰ দৌল মহোৎসৱৰ ব্যাপক আয়োজন

বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ দিনীয়াকৈ উদযাপিত হ’ব দৌল উৎসৱ

প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰীশ্ৰী কৃষ্ণ দৌল মহোৎসৱটি ধৰ্মীয় পৰম্পৰা অনুসৰি অহা ২৪, ২৫, ২৬, ২৭ আৰু ২৮ মাৰ্চত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰজাদুৱাৰৰ শ্ৰীশ্ৰীদৌলগোবিন্দ মন্দিৰৰ প্ৰাঙ্গনত আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ২৪ মাৰ্চৰ সন্ধিয়া ৬.১৫ বজাত মহাপ্ৰভুক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মণিকূটৰ পৰা উলিয়াই আৰোহণ কৰোৱা হ’ব। তাৰ পাছতেই সন্ধিয়া ৬.৩০ বজাত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা (গন্ধ উৎসৱ)ৰ শুভাৰম্ভ হ’ব। গন্ধোৎসৱ উপলক্ষে পৰম্পৰাগতভাৱে মহাপ্ৰভূক সম্পূৰ্ণ পৰম্পৰাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ নি পূজা কৰোৱা হ’ব।

২৪ মাৰ্চৰ পুৱা ৬.৩০ বজাত মহাপ্ৰভুৰ নিত্যস্নান, ১০ বজাত আমন্ত্ৰিত দলৰ নাগাৰা নামৰ অনুষ্ঠান, দুপৰীয়া ১২.৩০ বজাত প্ৰথম বাৰৰ বাবে মহাপ্ৰভূক ফাকু দিয়া হ’ব আৰু দ্বিতীয় বাৰৰ বাবে সন্ধিয়া ৬.৩০ বজাত ফাকু দিয়া পৰ্ব অনুষ্ঠিত হ’ব। এইদৰে বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে নিশা ৯.৪৫ বজাত প্ৰসাদ বিতৰণেৰে প্ৰথমদিনাৰ কাৰ্যসূচী অন্ত পৰিব। ২৫ মাৰ্চৰ পুৱা ৬.৩০ বজাত মহাপ্ৰভুৰ নিত্যস্নানেৰে আৰম্ভ হোৱা বিভিন্ন কাৰ্যসূচীৰ নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰিব।

 

২৬ মাৰ্চৰ পুৱা পুনৰ ৬.৩০ বজাত মহাপ্ৰভুৰ নিত্যস্নানেৰে তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব আৰু নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰিব। চতুৰ্থ দিনৰ কাৰ্যসূচী ২৭ মাৰ্চৰ পুৱা ৬.৩০ বজাত মহাপ্ৰভুৰ নিত্যস্নানেৰে আৰম্ভ হৈ সন্ধিয়া ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শনেৰে অন্ত পৰিব। পঞ্চমদিনা অৰ্থাৎ ২৮ মাৰ্চত মহাপ্ৰভুৰ নিত্যস্নানেৰে কাৰ্যসূচী আৰম্ভ হৈ নিশা ৯.৩০ বজাত যাত্ৰাভিনয়েৰে অন্ত পৰিব দৌল উৎসৱৰ কাৰ্যসূচী।

দৌল উৎসৱৰ সকলো কাৰ্যসূচীতে উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তুলিবলৈ সত্ৰ পৰিচালনা সমিতি আৰু দৌল মহোৎসৱ উদযাপন সমিতিয়ে সমূহ ৰাইজক আহ্বান জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.