আজি ২২ মাৰ্চ

➡️আজি বিশ্ব জল দিৱস।
➡️১৭৩৯ চনত পাৰস্যৰ ৰজা নাদিৰ শ্বাহৰ আক্ৰমণত দিল্লী বিধ্বস্ত।
➡️১৮৩২ চনত জাৰ্মানৰ কবি-সাহিত্যিক গ্যেটেৰ ( সম্পূৰ্ণ নাম যোহান উলফগেং ভন গ্যেটে) মৃ্ত্যু।
➡️১৯০৭ চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু আইন অমান্য আন্দোলনৰ সূচনা।
➡️১৯৩০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ।
➡️১৯৪২ চনত ভাৰতবাসীলৈ ক্ষমতা হস্তান্তৰৰ ৰাজনৈতিক সূত্ৰ উদ্ভাৱনৰ উদ্দেশ্যে ষ্টেফোৰ্ড ক্ৰিপছৰ ‘ক্ৰিপছ মিছন’ৰ ভাৰতত পদাৰ্পণ।
➡️১৯৪৭ চনত লৰ্ড মাউন্টবেটেনৰ ভাৰতলৈ আগমন। এই বছৰৰ ২৪ মাৰ্চত তেওঁ ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
➡️১৯৫৭ চনৰ ২২ মাৰ্চ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা গ্ৰহণ। এই পঞ্জিকা অনুসৰি চ’ত মাহ বছৰৰ প্ৰথম মাহ। অসমীয়া মাহৰ আঠ চ’ত ৰাষ্ট্ৰীয় পঞ্জিকাত এক চ’ত হয়।
➡️১৯৯৭ চনত হেলব’প ধূমকেতুৰ পৃথিৱীৰ নিচেই কাষত অৱস্থান।
➡️২০০০ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰিকাকত ‘আজি’ৰ প্ৰকাশ। সম্পাদকঃ অজিত কুমাৰ ভূঞা।
➡️২০০৩ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াক ২০০২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান।
➡️২০০৫ চনত দক্ষিণৰ জনপ্ৰিয় অভিনেতা জেমিনি গণেশৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.