জুডো বিশ্ব চেম্পিয়নশ্বিপ ( অনুৰ্ধ ১৮)ত ইতিহাস ৰচনা লিন্থোই চানামবামৰ!

স্প’ৰ্টছ ডেস্ক: জুডো বিশ্ব চেম্পিয়নশ্বিপ ( অনুৰ্ধ ১৮)ত প্ৰথমটো সোন জিকি ইতিহাস ৰচনা মণিপুৰৰ লিন্থোই চানামবামৰ । শুকুৰবাৰে বিশ্ব জুডো কেডেট (অনুৰ্ধ ১৮) চেম্পিয়নশ্বিপত মহিলাৰ ৫৭ কেজি শাখাত সোণৰ পদক লাভ কৰি জুডো বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো পদক লাভ কৰে লিন্থোই চানামবামে। ৫৭ কিলোগ্ৰাম ওজনৰ শাখাৰ ফাইনেলত ব্ৰাজিলৰ বিয়াংকা ৰেইছক পৰাস্ত কৰে ১৫ বছৰীয়া জুডোকাগৰাকীয়ে। মণিপুৰৰ কিশোৰীগৰাকীয়ে ৱাজা-আৰিৰে চূড়ান্ত বাউটত আগতীয়াকৈ অগ্ৰগতি লাভ কৰে। আনহাতে, অন্তিম চেকেণ্ডত শ্বিডো লাভ কৰি মেচখন ১-০ ব্যৱধানত জয়ী হয় লিন্থোই চানামবামে। উল্লেখ্য যে, লিন্থোই জুডো খেলত ভাৰতৰ প্ৰথমগৰাকী অনুৰ্ধ ১৮ বিশ্ব চেম্পিয়ন ।।

You might also like
Leave A Reply

Your email address will not be published.