কাৰ্বি আংলং জিলাৰ ডিফুৰ ওচৰৰ জংঘলত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ। শনিবাৰে উদ্ধাৰ কৰা হয় এই বৃহৎ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। লামডিং ৰোডত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ মাটিৰ তলত পুতি থৈছিল বিদ্ৰোহী সংগঠন কাৰ্বি ডেমক্ৰেটিক লিবাৰেচন ফ্ৰণ্ট (কেডিএলএফ)এ। ডিফু আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়া জে এছ খুবুঙৰ নেতৃত্বত চলোৱা এক অভিযানত উদ্ধাৰ কৰা হয় এই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ।
উল্লেখ্য যে, অভিযানত ডিফু আৰক্ষীয়ে চাৰিটা হেণ্ড গ্ৰেনেড, তিনিটা ৱাকি-টকী, এটা .22 পিষ্টল, এটা .303 ৰাইফল, এটা হস্তনিৰ্মিত পিষ্টল, ৯ টা মেগজিন, ১৮০ ৰাউণ্ড সজীৱ একে-47 গুলী, ৬৬ ৰাউণ্ড 9mm পিষ্টলৰ গুলী আৰু ৩১ ৰাউণ্ড .22 পিষ্টলৰ গুলীৰ লগতে বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে।