তামিলনাডুৰ ধৰ্মপুৰিৰ পাপ্পাৰাপট্টিৰ সমীপৰ নাগাদাচামপট্টি গাঁৱত অঘটন!

এটা আতচবাজীৰ বিস্ফোৰণৰ ফলত থিতাতে নিহত হয় দুগৰাকী মহিলা

নেচনেল ডেস্ক:

তামিলনাডুৰ ধৰ্মপুৰিৰ পাপ্পাৰাপট্টিৰ সমীপৰ নাগাদাচামপট্টি গাঁৱত অঘটন। এটা আতচবাজীৰ বিস্ফোৰণৰ ফলত থিতাতে নিহত হয় দুগৰাকী মহিলা। আনহাতে বিস্ফোৰণত শিৱলিঙ্গম নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। মৃত মহিলা দুগৰাকী ৬৫ বছৰীয়া কে মুনিয়াম্মাল আৰু ৫০ বছৰীয়া বি পালানিয়াম্মাল বুলি চিনাক্ত কৰা হৈছে। ৰাসায়নিক পদাৰ্থ মিহলি কৰি থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। জন আৰ চাৰাভানান নামৰ লোক জনৰ মালিকানাধীন আতচবাজী নিৰ্মাণ কৰা গোট এটাৰ ২০ জন কৰ্মচাৰীৰ ভিতৰত আছিল মৃত মহিলা দুগৰাকী।

জানিব পৰা মতে, বৃহস্পতিবাৰে কে মুনিয়াম্মাল, বি পালানিয়াম্মাল আৰু শিৱলিঙ্গম সোনকালে কামত উপস্থিত হোৱাৰ ঠিক পিছতে বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ইন্দুৰ আৰক্ষী আৰু পেন্নাগাৰাম অগ্নি নিৰ্বাপক বাহিনীৰ দলে নিহত মহিলা দুগৰাকীৰ শৰীৰৰ অৱশেষ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পেন্নাগাৰাম চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত শিৱলিঙ্গমক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধৰ্মপুৰীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.