এটা নলাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ!

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ নয়ডাৰ এটা নলাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ।বৃহস্পতিবাৰে ৰাতিপুৱা নয়ডাৰ ৮নম্বৰ চেক্টৰৰ এটা নলাত উদ্ধাৰ হয় অচিনাক্ত মৃত লোক গৰাকীৰ শৰীৰৰ অংগ। পুৱা প্ৰায় ১০:৪৫ বজাত এজন পথচাৰীয়ে অংগবোৰ প্ৰত্যক্ষ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটোৰ ক্ষত বিক্ষত শৰীৰৰ অংগসমূহ। মৃতদেহটোৰ শৰীৰৰ অংগবোৰ কমেও চাৰিৰ পৰা পাঁচ দিন আগতে পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানলৈকে মৃত লোকগৰাকীৰ হাত আৰু ভৰিৰ অংশহে উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উদ্ধাৰ হোৱা শৰীৰৰ অংগবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মৃতদেহটো চিনাক্ত কৰিবলৈ আৰু বাকী অংগবোৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে। চাৰিওফালৰ স্থানবোৰৰ পৰা নিৰীক্ষণৰ চিচি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিব পাৰিব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। শৰীৰৰ অংগবোৰ পুৰুষ নে মহিলাৰ সেয়া এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। মৃতদেহটো চিনাক্ত কৰিবলৈ সন্ধানহীন লোকৰ তথ্য বিচাৰি ওচৰৰ আৰক্ষী থানাসমূহত খবৰ কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.