আজি ১৭ মাৰ্চ

▶️১৬৬২ চনৰ আজিৰ দিনটোতেই মিৰজুমলাৰ অসম আক্ৰমণ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৰাজয় আৰু পলায়ন। মিৰজুমলাৰ গড়গাঁও দখল।
▶️১৯৫৫ চনৰ এই দিনটোতেই ভাৰতত আই এছ আই (Indian Standard Institution) নিয়ন্ত্ৰণ আইন বলৱৎ।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই ফৰাচী পদাৰ্থবিদ ইৰেন জোলিঅ’কুৰীৰ মৃত্যু হৈছিল। প্ৰসিদ্ধ ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ কন্যা ইৰেনে ১৯৩৫ চনত লাভ কৰিছিল ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ মৃত্যু হৈছিল।
▶️১৯৫৯ চনৰ এই দিনটোতেই তিব্বতত চীনৰ বিৰুদ্ধে দালাই লামাৰ নেতৃত্বত এক বিফল বিদ্ৰোহ।১ লাখ অনুগামী লৈ দালাই লামাৰ ভাৰতলৈ পলায়ন।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট জাতীয়তাবাদী নেতা হেমৱতী নন্দন বহুগুণাৰ মৃত্যু ঘটিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল লোকনাথ মিশ্ৰ।১৯৯৭ চনৰ ৩১ আগষ্টলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০০ চনৰ এই দিনটোতেই ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ অচ্যুৎ লহকৰক কমল কুমাৰী বঁটা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.