তিনিচুকীয়াত অস্ত্ৰসহ আটক আদিবাসী বিদ্ৰোহী

ভাৰতীয় সেনাৰ ৰেড শ্বিল্ড ডিভিজনৰ ৰূপাই বেটেলিয়ান আৰু বৰডুমচা আৰক্ষীৰ যৌথ অভিযানত এজন APLA সদস্যক অস্ত্ৰসহ আটক। ৰূপাই বেটেলিয়ান আৰু বৰডুমচা আৰক্ষীয়ে যৌথ অভিযান চলাই ডাঙৰীয়া চাৰিআলিৰ পৰা APLA সদস্যজনক অস্ত্ৰসহ আটক কৰে । আটকাধীন APLA সদস্যজন কাৰ্বি আংলঙৰ বাবলু ভূঞা(৩২) বুলি জানিব পৰা গৈছে। APLA সদস্যজনৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে আমেৰিকাত নিৰ্মিত এটা 9mm পিষ্টল, এটা মেগজিন আৰু ৫ ৰাউণ্ড গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । APLA সদস্য বাবলু ভূঞাক অধিক তথ্যৰ বাবে সেনা আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.