তিনিমহলীয়া অট্টালিকা খহি থিতাতে মৃত্যু ৩ জনৰ

নেচনেল ডেস্ক

হাৰাষ্ট্ৰৰ ভিৱান্দিৰ কৈলাসনগৰৰ বৰ্ধমান কম্পাউণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এটা তিনিমহলীয়া অট্টালিকা হঠাতে খহি পৰি থিতাতে ৩ জন লোক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, ভৱনটোৰ দ্বিতীয় মহলাত ৩ৰ পৰা ৪টা পৰিয়াল বাস কৰিছিল।একাংশ শ্ৰমিকে ভৱনটোৰ তলৰ মহলাত কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । থানে দুৰ্যোগ সঁহাৰি বাহিনীৰ তৎপৰতাত ভৱনটোৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা ১১ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও প্ৰায় ২২ জন লোক এতিয়াও আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই মৃতকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে আহতসকলৰ চিকিত্‍সাৰ দায়িত্বও গ্ৰহণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.