ইণ্টাৰনেচনেল ডেস্ক:
থাইলেণ্ডত ভয়ংকৰ গুলীচালনাৰ ঘটনা। বৃহস্পতিবাৰে দেশখনৰ উত্তৰ-পূব প্ৰদেশত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত কমেও ৩১ জন লোক। থাইলেণ্ডৰ শিশু ডে কেয়াৰ চেণ্টাৰত সংঘটিত হয় এই গুলীচালনা। নিৰ্বিচাৰ গুলীচালনা সংঘটিত কৰাৰ পাছতে অচিনাক্ত দুৰ্বৃত্তই নিজকে গুলীয়াই আত্মহত্যা কৰে বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।