নিউজ ডেক্সঃ
ৰাজস্থানত পোহৰলৈ আহিছে এক শিহৰণকাৰী ঘটনা! অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃতদেহ। ঘটনাতো সংঘটিত হৈছে ৰাজস্থানৰ ভীলৱাৰাত। বুধবাৰে পুৱা কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে ছাগলী চৰাবলৈ যোৱাৰ সময়তেই মাকৰ পৰা বিচ্ছিন্ন হৈ নিৰূদ্দেশ হৈ পৰিছিল। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাছিল কিশোৰীগৰাকীৰ।অৱশেষত বৃহস্পতিবাৰে পুৱাই ঘৰৰ ওচৰৰ এটা ইটাভাটাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে জ্বলি থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ শৰীৰৰ অৱশিষ্টৰ লগতে ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী। আৰক্ষীৰ সন্দেহ অনুসৰি কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণৰ পাছত হত্যা কৰি জ্বলাই দিয়া হৈছিল। ঘটনা সন্দৰ্ভত ৩ জন সন্দেহযুক্ত যুৱকক আটক কৰি আৰক্ষীয়ে সোধা-পোছা আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব কেনেকৈ হত্যা কৰা হৈছিল কিশোৰীগৰাকীক। ঘটনাক কেন্দ্ৰ কৰি দোষীৰ কঠোৰতম শাস্তিৰ দাবীত উত্তাল হৈ পৰিছে স্থানীয় জনতা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like