প্লাষ্টিকৰ প্ৰচুৰ ব্যৱহাৰে আমাৰ কিমান ক্ষতি কৰে জানেনে??

নিউজ ডেক্স;

সাম্প্ৰতিক বিশ্বত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত প্লাষ্টিক প্ৰদূষণে আজিৰ তাৰিখত ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ যাৰ ফলত জীৱজগতৰ বিস্তীৰ্ণ অঞ্চল প্লাষ্টিক প্ৰদূষণৰ গ্ৰাসত পৰিছে৷ ইয়াৰ ভিতৰত দক্ষিণ প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত ক্ষুদ্ৰ হেণ্ডাৰছন আইলেণ্ডৰ কথাও সৰ্বত্ৰে চৰ্চা হৈছে৷ উল্লেখ্য যে, আয়তনৰ হিচাপত মেন্‌হেটন চহৰৰো আধা এই অকণমানি দ্বীপটোত কোনো মানুহ নাই যদিও ২০১৯ত দ্বীপটোৰ চৌদিশে থকা উপকূলীয় এলেকাত উদ্ধাৰ হৈছিল প্ৰায় ১৯টন প্লাষ্টিক আৱৰ্জনা৷ আনহাতে দ্বীপটোৰ ইফালে-সিফালে পৰি ৰৈছিল নানা আয়তনৰ প্লাষ্টিকৰ টুকুৰা৷ এতিয়া প্ৰশ্ন হয়, এই দ্বীপটোত ক’ৰ পৰা আহিল ইমান সংখ্যক প্লাষ্টিক? প্ৰকৃততে, সাগৰৰ পাৰত থকা দেশসমূহৰ নলা-নৰ্দমা, নদ-নদী, সাগৰ হৈ পানীৰ সোঁতত বা ঢৌৰ ঠেলাত উটি গৈ এই প্লাষ্টিকবোৰ হেণ্ডাৰছনৰ দৰে কোনো নিৰ্জন ঠাই অথবা সাগৰত খোপনি পোতে অনন্তকালৰ বাবে৷ তাৰ উপৰি সাগৰত দেখা পোৱা আৱৰ্জনাৰ দুই-তৃতীয়াংশ প্লাষ্টিক বোৱাই অনা মুঠ ২০খন প্ৰধান নদীৰ ভিতৰত চীনৰ ইয়াংচি, ইণ্ডোনেছিয়াৰ পেচিগ,ভাৰতৰ গংগাসহ ১৫খনেই এছিয়া মহাদেশৰ৷ এনে বিপুল পৰিমাণৰ আৰু সৰু-বৰ প্লাষ্টিকৰ টুকুৰা, নানা প্লাষ্টিক কণাৰ প্ৰদূষণে একাধিক বিপন্ন প্ৰজাতিসহ প্ৰায় ২২৭০টা সাগৰীয় জীৱক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত কৰিছে৷ শেহতীয়াকৈ দ্য গাৰ্ডিয়ান কাকতত প্ৰকাশিত খবৰ অনুসৰি গ্ৰীচৰ সাগৰত স্পাৰ্ম হোৱেল প্ৰজাতিৰ মৃত বহু তিমিৰ পাকস্থলীত প্ৰচুৰ পৰিমাণে প্লাষ্টিক পোৱা গৈছে৷ সাধাৰণতে, আমি যিবোৰ সাগৰীয় মাছ খাওঁ, তাৰ মাজতে অজ্ঞাতে আমাৰ শৰীৰত নিতৌ সোমাই গৈ আছে প্লাষ্টিকৰ কণা৷
আচলতে, বৰ্তমানৰ সভ্যতাক প্লাষ্টিক সভ্যতা বুলি ক’লেও ভুল নহ’ব৷ কিয়নো বিদ্যুতৰ তাঁৰৰ ক’ভাৰৰ পৰা আৰম্ভ কৰি কাপ-প্লেট, খেলা পুতলা, ৰেজৰ, মগ, টিফিনৰ বাকচ, নানা বুটাম, পানীৰ টেংকী, গাড়ীৰ যন্ত্ৰাংশ, চকী-মেজ সকলোতে প্লাষ্টিকে আধিপত্য বিস্তাৰ কৰিছে৷ কিন্তু এনে প্লাষ্টিকৰ ৫০ শতাংশৰো অধিক আমি এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা হেতুকে বিশ্বত যেন ডিচপজেল পৰম্পৰাই প্ৰদূষণ বিয়পোৱাত চৰম সীমা অতিক্ৰম কৰিছে৷।

You might also like
Leave A Reply

Your email address will not be published.