দাম কমিল য়ামাহা বাইকৰ

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

বাইক প্ৰেমীকসকলৰ বাবে সুখবৰ।দাম কমিল য়ামাহা কোম্পানীৰ বাইকৰ।সৰ্বত্ৰে মূল্যবৃদ্ধিৰ জুই জ্বলি থকাৰ মাজতে য়ামাহাৰ দুখন বাইকৰ দাম কমোৱাৰ সিদ্ধান্ত ললে জাপানৰ প্ৰসিদ্ধ কোম্পানীটোৱে।দাম কমিল য়ামাহাৰ FZ-25ৰ।পূৰ্বে য়ামাহাৰ FZ-25 চিৰিজৰ মূল্য আছিল ১.৫০ লাখ টকাৰো অধিক। কিন্তু বৰ্তমান য়ামহাৰ FZ-25 আৰু FZS-25ৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কোম্পানীটোৱে।এতিয়াৰে পৰা যদি ক্ৰেতাই য়ামহাৰ এই নিৰ্দিষ্ট মডেল ২টা ক্ৰয় কৰিব বিচাৰে তেন্তে FZ-25 বাইক খনৰ বাবে ব্যয় কৰিব লাগিব ১,৩৬,৬০০ টকা, আৰু FZS-25 ক্ৰয় কৰিলে ভৰিব লাগিব ১,৩৯,৩০০ টকা। অৱশ্যে এই বাইক দুখনৰ বজাৰ মূল্য ঠাই অনুযায়ী বেলেগ বেলেগ হ’ব। জাপানীজ অট’মেকাৰ কোম্পানীটোৱে জনোৱা মতে বাইকৰ দাম কমিলেও ইয়াৰ গুণগত মান পূৰ্বৰ দৰেই বাহাল থাকিব।।

You might also like
Leave A Reply

Your email address will not be published.