দিচৈ ভেলীত ৰূপজ্যোতিৰ হুংকাৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অসম-নগালেণ্ড সীমান্তৱৰ্তী দিচৈ ভেলীত নগাৰ অবৈধ আগ্ৰাসনৰ দাবীত আমৰন অনশনত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।বৃহস্পতিবাৰে সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ মাটিত নগাৰ বেদখলৰ বুজ ল’বলৈ যাওঁতে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈছিল মৰিয়নিৰ কংগ্ৰেছ বিধায়কজন। নগাৰ গুলীবৰ্ষণৰ পৰা কথমপি প্ৰাণ বছাবলৈ সক্ষম হৈছিল বিধায়কজনে।এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে আজি ঘটনাস্থলী পৰিদৰ্শনৰ বাবে দিচৈ ভেলীত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং।
ইফালে অসমৰ মাটিত নগাৰ বেদখল উচ্ছেদৰ বাবে ২৪ ঘন্টাৰ সময় দি বৃহস্পতিবাৰৰ ঘটনাস্থলীতে আমৰন অনশন আৰম্ভ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.