দিনটো ম’বাইল ফোনত ব্যস্ততা ? মানি চলক কিছু নিয়ম

নিউজ ডেস্ক-

আঙুলিৰ বিষত চামুচ ধৰিবলৈ কষ্ট হৈছে নেকি ? আঙুলি আৰু মাংসপেশীৰ বিষ হোৱাৰ কাৰণ হৈছে অতিৰিক্তভাৱে ফোন ব্যৱহাৰ কৰা। অত্যাধিক ফোন ব্যৱহাৰৰ বাবে সৃষ্টি হৈছে মানুহৰ বিভিন্ন সমস্যাৰ। ইতিমধ্যই এইসমূহ সমস্যাৰ বাবেই চিকিৎসকৰ কাষ চাপিছে লোক। অস্থি শৈল্যচিকিৎসক সুদীপ্ত ঘোষে জনাইছে যে অতিমাত্ৰা ম’বাইল ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ক্ষতি হয় মানুহৰ। বহুলোকে বিভিন্ন ধৰণেৰে বহি ম’বাইল ফোন ব্যৱহাৰ কৰে। যাৰফলত পিঠি আৰু কমৰত বহু সমস্যাই দেখা দিয়ে। কিন্ত মূৰ তল কৰ ম’বাইল ব্যৱহাৰৰ বাবে বেছি ক্ষতি হয় হাতৰ। ম’বাইল ব্যৱহাৰৰ ফলত বেছি হেঁচা পৰে হাতৰ পেশীত যাৰফলত কমি যায় ৰক্ত চলাচল। যাৰবাবেই শৰীৰ বিভিন্ন অংশ বিভিন্নধৰণ বিষৰ সমস্যাই দেখা দিয়ে। মূৰটো একাৰাহে তললৈ কৰি ম’বাইল ব্যৱহাৰ কৰাটো একেবাৰেই উচিত নহয়। ব্ৰিটেইনৰ হেণ্ড আৰু এলবো চাৰ্জন চিকিৎসক ৰজাৰ পাওয়েলৰ এক গৱেষণাত পোহৰলৈ আহিছে যে দুঘন্টাতকৈ অধিক সময় ম’বাইলত টেক্সট লিখা বা আন কাম কৰি থাকিলে আঙুলি আৰু পেশীৰ বিষৰ সমস্যাই দেখা দিয়ে। ডিঙিটো অধিকাংশ সময় তললৈ কৰি মেছেজ কৰাৰ ফলত কান্ধৰ বিষ, মাইগ্ৰেইনৰ দৰে সমস্যাইও দেখা দিয়ে। আনহাতে বাথৰুমতো ফোন ব্যৱহাৰ কৰে কিছুলোকে। বাথৰুমত ফোন ব্যৱহাৰৰ ফলত হয় বহু সমস্যা। তেওঁলোকৰ পেশী আৰু স্নায়ুত অধিক চাপ পৰে। যাৰবাবে স্ট্রেন ইনজ্যুৰিৰ সমস্যাই দেখা দিয়ে। এইসমূহ সমস্যাৰ পৰা মুক্ত হোৱাৰ উপায় হৈছে ম’বাইলৰ ব্যৱহাৰ কমাই দিয়া। ম’বাইল ব্যৱহাৰ কৰোতে আঙুলিসমূহক অলপ আৰাম দিলে সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। এক সুস্থ জীৱন কটাব পাৰিব।।

You might also like
Leave A Reply

Your email address will not be published.