নেচনেল ডেস্ক:
এক বৃহৎ কূটাঘাটমুলক ঘটনা ৰোধ দিল্লী আৰক্ষীৰ। উত্তৰ দিল্লীৰ নাৰেলা ঔদ্যোগিক অঞ্চলৰ মেট্ৰ’ বিহাৰ চ’কীৰ পৰা ১০টা বোমা উদ্ধাৰ দিল্লী আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলীপ নামৰ এজন সন্দেহযুক্তক। অভিযুক্ত দিলীপে গ্ৰেনেডবোৰ এটা নলাৰ কাষত লুকুৱাই ৰখা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আনহাতে, অভিযুক্ত দিলীপৰ এজন সহযোগী কাশীৰামক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দল এটা মধ্যপ্ৰদেশলৈ ৰাওনা হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।।