দুঃসময়ৰ সাৰথি সংগীত

নিউজ ডেস্ক, এন ই ভাৰত

আজি বিশ্ব সংগীত দিৱস। ক’ভিডত আক্ৰান্ত পৃথিৱীৰ দুঃসময়ত আত্মপ্ৰশান্তিৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা লৈ একপ্ৰকাৰ মানুহৰ মানসিক চিকিৎসাত যেন মহৌষধ হৈ পৰিছে সংগীত। লকডাউনত একাকীত্বৰ দিনবোৰত সংগীত হৈ পৰিছে কোটি কোটি সংগীতপ্ৰেমীৰ অবিচ্ছেদ্য অংগ,দুৰ্দিনৰ সাৰথি।

বিশ্বৰ অগনন সংগীত শিল্পীক সন্মান তথা উৎসাহ যোগোৱাৰ অৰ্থে ১৯৮২ চনৰ পৰা উদযাপিত হৈ আহিছে এই বিশেষ দিনটো। প্ৰথমে ফ্ৰান্সত Fate De La Musique নামেৰে পালন কৰা ২১ জুনৰ দিনটো পাছলৈ বিশ্বৰ প্ৰায় ১২০ খন দেশে বিশ্ব সংগীত দিৱস ৰূপে উদযাপন কৰি আহিছে। এইবেলিৰ বিশ্ব সংগীত দিৱসৰ থীম Music At The Intersections.

You might also like
Leave A Reply

Your email address will not be published.