দুই কিলোগ্ৰাম সোণ ,১০০ কিলোগ্ৰাম ৰূপ জব্দ!

মহাৰাষ্ট্ৰৰ আকোলা ৰে’ল ষ্টেচনত চাঞ্চল্য। শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ আকোলা ৰে’ল ষ্টেচনত মুম্বাই-হাওৰা মেইলত এজন যাত্ৰীৰ পৰা দুই কিলোগ্ৰাম সোণ আৰু ১০০ কিলোগ্ৰাম ৰূপ জব্দ কৰে ৰে’লৱে আৰক্ষী বাহিনীয়ে । জানিব পৰা মতে, ৰে’লৱে আৰক্ষী বাহিনীৰ দল এটাই এখন গধুৰ বেগসহ লোক এজনৰ সন্দেহজনক আচৰণ দৃষ্টিগোচৰ হোৱাত তেওঁক বেগটো খুলিবলৈ কয়। সন্দেহজনক লোকজনে বেগটো খুলিবলৈ অস্বীকাৰ কৰাত তেওঁক ৰে’লৱে আৰক্ষী বাহিনীৰ চকীলৈ লৈ যোৱা হয়। তালাচীৰ পিছত আৰপিএফ বিষয়াসকলে দুই কিলোগ্ৰাম সোণ আৰু ১০০ কিলোগ্ৰাম ৰূপৰ বিস্কুট উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.